/asomiyapratidin/media/media_files/2025/10/07/tamarahat-07-2025-10-07-23-23-36.jpg)
ডিজিটেল ডেস্কঃ তামাৰহাটৰ মেছপাৰাত উপস্থিত আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং। আৰক্ষীৰ কোবত মৃত্যুৰ অভিযোগ উঠা মনোহৰী ৰায়ৰ ঘৰত উপস্থিতত আই জি পি গৰাকী।
ঘটনাক লৈ চলিছে উচ্চ পৰ্যায়ৰ তদন্ত। কোচ ৰাজবংশী জনগোষ্ঠীৰ যুৱক এজনক আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগত অঞ্চলটোত চেপা উত্তেজনাৰ লগতে চাঞ্চল্যৰ সৃষ্টি হৈছে।
ঘটনাৰ সন্দৰ্ভত পৃথকে পৃথকে দাখিল কৰা হৈছে কেইবখনো এজাহাৰ। সকলোৰে দাবী এটায়েই মনোহৰী ৰায়ক হত্যা কৰা এছ আই কপিল বৰাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰক।
ইয়াৰ মাজতে তদন্তৰ বাবে উপস্থিত হয় আৰক্ষী মহা পৰিদৰ্শক অখিলেশ কুমাৰ সিং। আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে মৃতকৰ পৰিয়ালৰ লগত মত বিনিময় কৰাৰ লগতে ন্যায় প্ৰদানৰ আশ্বাস দিয়ে।
আই জি পি গৰাকীৰ সৈতে ভুক্তভোগীৰ ঘৰত গৈ উপস্থিত হয় ধুবুৰী জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাও।