ভোজমাৰীত সমূহীয়া ইফটাৰ অনুষ্ঠান সম্পন্ন

নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চতিয়া বিজেপিৰ নাগশংকৰ মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত দক্ষিণ চতিয়াৰ ভোজমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বুধবাৰে সমূহীয়া ইফটাৰ অনুষ্ঠান আয়োজন কৰা হয়

author-image
Asomiya Pratidin
New Update
226

ডিজিটেল সংবাদ, জামুগুৰিহাট : নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চতিয়া বিজেপিৰ নাগশংকৰ মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত দক্ষিণ চতিয়াৰ ভোজমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বুধবাৰে সমূহীয়া ইফটাৰ অনুষ্ঠান আয়োজন কৰা হয়।

এই ইফাটাৰ অনুষ্ঠানটি বিজেপিৰ নাগশংকৰ মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি কাজিৰুল হকে তদাৰক কৰে। এই অনুষ্ঠানত নাগশংকৰ মণ্ডল বিজেপিৰ সভাপতি জীৱন বৰা, চতিয়াৰ পৌৰপতি দীপশিখা সন্দিকৈ, শোণিতপুৰ জিলা পৰিষদৰ উপ সভাপতি হিতেশ বৰুৱা, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্রী ভাৰতী দাস, নদুৱাৰ সমষ্টিৰ তত্বাৱধায়িকা ৰাধিকা চেতিয়াই অংশ লয়।

একেধাৰে ঘিলাধাৰীমুখ গাঁও পঞ্চায়তৰ সভাপতি বুৰহান আলি, ১ নং চতিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য গণেশ ভট্টৰায়, যুৱ সমাজকৰ্মী তথা ব্যৱসায়ী নিৰজ নিশিম হাজৰিকাকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত পাঁচ শতাধিক লোকে সমূহীয়াভাবে ইফটাৰত অংশ লয়।

জামুগুৰিহাট