চৈয়দা হামিদ এইবাৰ অসমলৈ আহিলেই বিপদ! মুখ্যমন্ত্ৰীয়ে দিলে সকিয়নী...

পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদে  গুৱাহাটীৰ এখন নাগৰিক সভাত অংশ লৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক বৈধতা প্ৰদানৰ অপচেষ্টাৰ বিৰুদ্ধে পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

author-image
Asomiya Pratidin
New Update
8c71ab61-13ea-4591-b67b-22a8bdbb575d

ডিজিটেল ডেস্কঃ পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদে  গুৱাহাটীৰ এখন নাগৰিক সভাত অংশ লৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক বৈধতা প্ৰদানৰ অপচেষ্টাৰ বিৰুদ্ধে পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

এখন বিশেষ সংবাদমেলত এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসম অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল নহয়। কোনো কাৰণতে তেওঁলোকক বৈধতা প্ৰদান কৰা নহ’ব। চৈয়দা হামিদৰ দৰে ব্যক্তিসকলে এই অনুপ্ৰৱেশকাৰীসকলক বৈধতা প্ৰদানৰ অপচেষ্টা অব্যাহত ৰাখিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে চৈয়দা হামিদে পুনৰ অসম ভ্ৰমণলৈ আহিলে আইনী ব্যৱস্থা গ্ৰহণৰ সকিয়নী প্ৰদান কৰে। অৱশ্যে বৰ্তমান চৈয়দাৰ বিৰুদ্ধে অসম চৰকাৰে গোচৰ ৰুজু কৰাৰ কোনো পৰিকল্পনা নাই  বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়-  তেওঁৰ বিৰুদ্ধে অসম চৰকাৰে কোনো গোচৰ ৰুজু কৰাৰ কথা ভৱা নাই। এই গোচৰ ৰুজু কৰিলে তেওঁ ধনীহে হব। কাৰন ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকে ভিন্ন প্ৰান্তৰ পৰা ধন সংগ্ৰহ কৰিব।'

উল্লেখ কৰা প্ৰয়োজন যে, চৈয়দা হামিদে গুৱাহাটীত থাকোতে বাংলাদেশীৰ সপক্ষত যুক্তি দিয়াৰ উপৰিও দিল্লীলৈ গৈও অসম খন দানৱ দেশ হৈ পৰিছে বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে অসমৰ ভিন্ন দল-সংগঠনে চৈয়দা হামিদক গ্ৰেপ্তাৰৰ দাবী তুলিছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা