সন্তানৰ ভৱিষ্যত নষ্ট নকৰিব, স্বাধীনভাৱে থাকি ভাল পালে বিয়াত নবহিবঃ উচ্চতম ন্যায়ালয়...

বিবাহিত স্বামী-পত্নীক লৈ শেহতীয়াকৈ উচ্চতম ন্য়ায়ালয়ে এটা বিশেষ গোচৰত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। এক বিশেষ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে, বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত পত্নী আৰু স্বামী এগৰাকী

author-image
Asomiya Pratidin
New Update
biuus

ডিজিটেল ডেস্কঃ বিবাহিত স্বামী-পত্নীক লৈ শেহতীয়াকৈ উচ্চতম ন্য়ায়ালয়ে এটা বিশেষ গোচৰত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। এক বিশেষ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে, বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত পত্নী আৰু স্বামী এগৰাকী আনগৰাকীৰ পৰা সম্পূৰ্ণৰূপে স্বাধীনতা লাভ কৰাতো অসম্ভৱ কথা। কোনো পত্নী নাইবা স্বামীয়ে এই কথা কব নোৱাৰে যে, তেওঁলোকে জীৱন সংগীৰ পৰা সম্পূৰ্ণ স্বাধীন। যদিহে কোনো ব্যক্তিক স্বাধীনতা লাগে, তেন্তে বিয়াত বহিবই নালাগে। বিয়াত বহি পিছত স্বাধীনতাৰ বাবে অশান্তি কৰি সন্তানৰ ভৱিষ্যত ধ্বংস কৰাৰ অধিকাৰ কাৰোৰে নাই। বিয়াৰ অৰ্থ হৈছে দুই আত্মাৰ মিলন। তেনেহলে বিবাহপাশত আৱদ্ধ হোৱা দুজন লোক এজনে আনজনৰ পৰা কেনেকৈ স্বাধীন হ'ব পাৰে। 

Advertisment

উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে এক বিশেষ আবেদনৰ ওপৰত ভিত্তি কৰি। এহাল দম্পত্তিয়ে এজনে আনজনৰ পৰা স্বাধীন বিচাৰি আবেদন কৰিছিল ন্যায়ালয়ত। দম্পত্তিহালৰ আছিল দুটাকৈ সন্তান। ন্যায়াধীশ বি ৰি নাগৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱন বিচাৰপীঠে দম্পত্তিহালক প্ৰশ্ন কৰে যে, আপোনালোকে স্বাধীনতা বিচাৰিছে যদি বিয়াত বহি সংসাৰ পৰিকল্পনা কিয় কৰিছিল? এতিয়া সন্তান কেইটাৰ ভৱিষ্যত কি হ'ব?

ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হোৱা এই শুনানি প্ৰক্ৰিয়াত ন্যায়াধীশে কয় যে, এখন হাতেৰে টালি কেতিয়াও নাবাজে। গতিকে আপোনালোকে সংসাৰখন শেষ কৰাতকৈ পুনৰ কেনেকৈ আৰম্ভ কৰিব পাৰি সেই কথা দুয়োজনে চিন্তা কৰক। ইয়াৰ সৈতে দুয়োগৰাকী সন্তানৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে। 

উল্লেখ কৰা প্ৰয়োজন যে, চিংগাপুৰত বাস কৰা এই দম্পত্তিহালে বিবাহ বিচ্ছেদ বিচাৰি আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত। তাৰ পিছতে এই বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি। উচ্চতম ন্যায়ালয়ৰ এই শুনানিক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। 

উচ্চতম ন্যায়ালয়