কোকৰাঝাৰৰ ৰে'লপথত ভয়ংকৰ আইইডি বিস্ফোৰণঃ ঘটনাস্থলীত উপস্থিত ডিজিপি

দীৰ্ঘদিনীয়া শান্তি ভঙ্গ কৰি সূদীৰ্ঘ পাঁচবছৰ পিছত পুণৰাই উচ্চ প্ৰাৱল্যৰ বিস্ফোৰণত কোকৰাঝাৰ কঁপি উঠাত স্বাভাৱিকতে অতীত সুঁৱৰি জনতা ভীতবিহ্বল হৈ পৰিছে আৰু ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰ:  কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰু কোকৰাঝাৰ ৰে'ল ষ্টেচনৰ মাজৰ শিঙিমাৰী নামৰ ঠাইৰ ৰে'লপথত কালি নিশা প্ৰায় ১:০০ বজাত প্ৰচণ্ড শব্দৰে সংস্থাপিত কৰা আইইডি বোমা বিস্ফোৰিত হয়। উচ্চ প্ৰাবল্যৰ আইইডি বোমা বিস্ফোৰণে অঞ্চলটো কঁপাই তোলাত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

 দীৰ্ঘদিনীয়া শান্তি ভঙ্গ কৰি সূদীৰ্ঘ পাঁচবছৰ পিছত পুণৰাই উচ্চ প্ৰাৱল্যৰ বিস্ফোৰণত কোকৰাঝাৰ কঁপি উঠাত স্বাভাৱিকতে অতীত সুঁৱৰি জনতা ভীতবিহ্বল হৈ পৰিছে আৰু ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হোৱা বোমা বিস্ফোৰণটো ইমানেই ভয়াৱহ আছিল যে বিস্ফোৰণৰ ফলত ৰে'লৱে ট্ৰেকৰ প্ৰায় ২ ফুট মান এটা অংশ ছিঙি উফৰি যায়।

ইয়াৰোপৰি বিস্ফোৰণৰ ফলত দাঁতি -কাষৰীয়া অঞ্চলত ভূমিকম্পৰ দৰে কঁপনি উঠে। তদুপৰি বৈদ্যুতিক পৰিবাহী তাঁৰো চিঙি যায়। অৱশ্যে দূৰ্ঘটনাটোত দৈব্যক্ৰমে কোনো লোক হতাহত নহল আৰু দৈব্যক্ৰমে এখন মালবাহী ৰে'ল ৰক্ষা পৰে। বৈদ্যুতিক পৰিবাহী তাঁৰো চিঙি যোৱাৰ বাবেই ঘটনাস্থলীৰ পৰা অলপমান দূৰৈত মালবাহী ৰে'লখনো ৰৈ যায়।

প্ৰাপ্ত বাতৰি অনুসৰি কালি নিশা প্ৰায় ১:০০ বজাত শিঙিমাৰীৰ ৰে'লৱে ট্ৰেকত  সংস্থাপিত কৰা আইইডি বোমা প্ৰচণ্ড শব্দৰে বিস্ফোৰণ হয়। দীঘল বিদ্যুত পৰিবাহী তাঁৰেৰে ঘন জোপোহাৰ আঁৰৰ পৰা সংঘটিত কৰা বিস্ফোৰণৰ ফলত ৰে'লৱে ট্ৰেক ছিন্ন -ভিন্ন হোৱাৰ লগতে ট্ৰেকৰ তলত পাৰি দিয়া চিমেণ্টৰ খুঁটা সমুহো ছিন্ন ভিন্ন হয় ।

দুষ্কৃতিকাৰীয়ে দূৰৈৰ ঘন জোপোহাৰ আঁৰৰ পৰা বিস্ফোৰণ সংঘটিত কৰে। ধাৰণা কৰা অনুসৰি ৰে'ল বগোৰোৱাৰ উদ্দেশ্যৰেই দুৰ্ষ্কৃতিকাৰীয়ে ৰে'লপথত আইইডি বোমা সংস্থাপিত কৰিছিল আৰু ৰিমট কণ্টোলেৰে বোমাটো  বিস্ফোৰিত কৰিছিল।

সন্দেহ কৰা অনুসৰি ৰে'লৱে ট্ৰেকৰ পৰা ৩০-৪০ মিটাৰ দুৰৰ ঘন জংঘলৰ পৰা দুষ্কৃতিকাৰীয়ে ৰে'ল চলাচলৰ সঠিক স্থান অনুমান কৰিব নোৱাৰিলে আৰু ৰে'ল অহাৰ লগে লগে আন্দাজতে বোমাটো বিস্ফোৰণ কৰাৰ বাবেই হয়তো দৈব্যক্ৰমে মালবাহী ৰে'লগাড়ীখন ৰক্ষা পৰিল।

এক ভয়ংকৰ দূৰ্যোগৰ পৰা মালবাহী ৰে'লগাড়ীখন ৰক্ষা পৰিল যদিও বিস্ফোৰণৰ ফলত ৰে'লৰ চলাচল ব্যাহত হৈ পৰে। অৱশ্যে ৰে'ল বিভাগে যুদ্ধকালিন তৎপৰতাৰে ৰে'লপথ মেৰামতি কৰাত ৰাতিপুৱা ৯:৩০ মান বজাৰ পৰা ৰে'লৰ চলাচল পুণৰ স্বাভাৱিক হৈ পৰে। 

 ইপিনে ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষী আৰু ৰে'ল বিভাগৰ উচ্চ পদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ চৰমজিন তদন্ত আৰম্ভ কৰে। বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং , কোকৰাঝাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, ৰে'লৱে আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা আদিকে ধৰি আৰক্ষীৰ বহু শীৰ্ষ আৰক্ষী বিষয়া ঘটনাস্থলীত হয়।

আৰক্ষীয়ে স্নিফাৰ ডগেৰে তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানলৈকে দুৰ্ষ্কৃতিকাৰীৰ কোনো সন্ধান লাভ কৰা নাই। ইপিনে ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰণথলী পৰ্যবেক্ষণ কৰি বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিঙে তদন্ত আৰম্ভ হৈছে আৰু তদন্তৰ অন্তত হে কব পৰা যাব । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত যাত্ৰীৰ সুৰক্ষাৰ দিশটো সতৰ্কতাৰে লক্ষ্য কৰা হ'ব বুলি মন্তব্য কৰিছে।

আনহাতে ইয়াৰ পিছতে গুৱাহাটীৰ পৰা ততাতিয়াকৈ কোকৰাঝাৰত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিং। কোকৰাঝাৰ জিলাৰ শিঙিমাৰীৰ ৰে'লৱে ট্ৰেকত সংঘটিত হোৱা ঘটনাস্থলী পৰিদৰ্শন আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিঙে চৰাইখোলাৰ সপ্তম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত উচ্চপদস্থ আৰক্ষী আৰু ৰে'লৱে বিষয়াৰ সতে বৈঠকত বহে ।

উক্ত বৈঠকত বিটিআৰৰ আইজিপি, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক, ৰেলৱে আৰক্ষী অধীক্ষক , জিআৰপি, আৰপিএফৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ মাজতে সংবাদমাধ্যমৰ আগত আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিঙে কয় যে ঘটনাস্থলীত মানৱ আৰু কাৰিকৰী দিশৰ তথ্য পোৱা গৈছে ।

সকলো কথা তদন্তক ওলাই পৰিব আৰু শীঘ্ৰেই দুষ্কৃতিকাৰী ধৰা পৰিব বুলিও মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিঙে। তেওঁ তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবঢ়াব লাগিব সেই সন্দৰ্ভত বৈঠকত নিৰ্দেশনা দিয়া বুলি সদৰি কৰিছে।

ইপিনে শিঙিমাৰীৰ বিস্ফোৰণথলীত উপস্থিত হয় স্থানীয় বিধায়ক তথা ইউপিপিএলৰ বিধায়ক লৰেন্স ইছলাৰী, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, কোকৰাঝাৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক অমুল্য সূত্ৰধাৰ আদিকে ধৰি ইউপিপিএলৰ আন কেবাগৰাকী নেতা-কৰ্মী। 

সংবাদমাধ্যমৰ আগত বিধায়ক লৰেন্স ইছলাৰীয়ে বিস্ফোৰণৰ ঘটনাক তীব্ৰ নিন্দা আৰু গৰিহণা প্ৰকাশ কৰি কয় যে যি সময়ত শান্তিৰ বিটিআৰ গঢ়িবলৈ সকলোৱে প্ৰচেষ্ঠা কৰি আছে সেই সময়তে এনে ঘটনা দুৰ্ভাগ্যজনক । 

উগ্ৰপন্থী বা দুষ্কৃতিকাৰী বা অইন কোনোবাই যাতে এনেধৰণৰ ঘটনা পুণৰাই কৰিব নোৱাৰে তাৰ বাবে সকলোকে সজাগ-সচেতন হৈ থাকিবলৈও আহ্বান জনাইছে বিধায়ক লৰেন্স ইছলাৰীয়ে। তদুপৰি তদন্তৰ দ্বাৰা দোষী চিনাক্তকৰণ হ'ব বুলি মন্তব্য কৰি যাত্ৰীৰ সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে লৰেন্স ইছলাৰীয়ে।

আনহাতে বিপিএফৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে বিপিএফৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি বোমা বিস্ফোৰণৰ ঘটনাক গৰিহণা প্ৰকাশ কৰিছে।  বিপিএফৰ নেতা তথা বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে ঘটনাৰ আঁৰত থকা ব্যক্তিসকলক চিনাক্তকৰণৰ কৰি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি যাত্ৰীৰ জীৱনৰ নিৰাপত্তা সতে জড়িত ৰে'লৱে ট্ৰেকত এনে কাণ্ড ঠিক হোৱা নাই বুলি মন্তব্য কৰিছে।

তদুপৰি উক্ত বোমা বিস্ফোৰণ ঘটনাৰ আঁৰত নিশ্চয় উদ্দেশ্য আছে বুলি তাপপৰৰ্যপূৰ্ণ মন্তব্য কৰি ইয়াৰ প্ৰভাৱ অকল বিটিচিতে নহয়, গোটেই অসমতে পৰিব বুলি মন্তব্য কৰে। অসমক অশান্ত কৰাৰ পৰিকল্পনা কৰিয়েই বিস্ফোৰণ ঘটোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে।

কোকৰাঝাৰ