/asomiyapratidin/media/media_files/2025/11/25/317-2025-11-25-13-23-54.jpg)
ডিজিটেল ডেস্ক : টেষ্ট ক্ৰিকেটত বিৰাট কোহলিৰ অভাৱ অনুভৱ কৰিছে সতীৰ্থ ক্ৰিকেটাৰ শ্ৰীবৎস গোস্বামীয়ে। প্ৰাক্তন উইকেট কীপাৰ বেটছমেন গোস্বামীৰ মতে, বিৰাট কোহলিয়ে এৰিব নালাগিছিল টেষ্ট ক্ৰিকেট। ৰঙা বল খেলি থাকিব লাগিছিল বিৰাটে। তাৰ পৰিৱৰ্তে এদিনীয়াৰ পৰাহে অৱসৰ ল’ব লাগিছিল তেওঁ।
ভাৰতীয় ক্ৰিকেট দলে বিৰাটৰ অনুপস্থিতি অনুভৱ কৰা বুলি কৈ তেওঁ কয়, বিৰাট কোহলিয়ে অধিনায়কত্ব কৰি থকাৰ সময়ত টীম ইণ্ডিয়াই যি প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল, সেই প্ৰদৰ্শন এতিয়া দেখা পোৱা নাযায়। বিৰাটৰ বিদায়ৰ পাছৰে পৰা টীম ইণ্ডিয়াৰ শক্তি দুৰ্বল হৈ পৰা বুলি উইকেট কীপাৰ বেটাৰগৰাকীয়ে মন্তব্য কৰে।
উল্লেখযোগ্য যে, গুৱাহাটীত চলি থকা ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্টৰ মাজতে এই মন্তব্য কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। গুৱাহাটীৰ বৰ্ষাপাৰাত টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতে সৰৱ হৈ পৰিছে গোস্বামী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us