ডিজিটেল ডেস্কঃ কোৰোনাৰ সন্ত্ৰাসৰ মাজতে বিশ্বৰ একাংশ বিজ্ঞানীয়ে দাবী কৰিছিল যে, অতিমাৰী কোৰোনা ভাইৰাছ ৩০ ডিগ্ৰীতকৈ অধিক তাপমাত্ৰাত জীৱিত অৱস্থাত থাকিব নোৱাৰে। বিজ্ঞানীৰ এই দাবীৰ পাছতে সমগ্ৰ বিশ্বই বিশেষকৈ ভাৰতবাসীয়ে আশা কৰি আছিল যে, গৰম দিনত কোৰোনাৰ সন্ত্ৰাস নাইকিয়া হ'ব। কিন্তু শেহতীয়াকৈ বহুকেইটা পৰীক্ষাত পোহৰলৈ আহিছে যে, কোৰোনা ভাইৰাছ ৬০ ডিগ্ৰী তাপমাত্ৰাতো জীয়াই থাকিব পাৰে।
দক্ষিণ ফান্সৰ Aix-Marseille Universityৰ এটা পৰীক্ষাত পোহৰলৈ আহিছে যে, অত্যাধিক গৰমেও কোৰোনা ভাইৰাছৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। তেওঁলোকে লগতে কয়, এই বিশ্ববিদ্যালয়ৰে Professor Remi Charrelৰ নেতৃত্বত এটা দলে বহুদিনৰে পৰা এই বিষয়ৰ সন্দৰ্ভত পৰীক্ষা কৰি আছে আৰু এই পৰীক্ষাত এনে তথ্য পোহৰলৈ আহিছে।
কেৱল Aix-Marseille Universityয়ে নহয়, যোৱা বৃহস্পতিবাৰে আই এম চি আৰৰ মুখ্য বিজ্ঞানী ডাঃ ৰমন আৰ গংগাখেডকৰেও স্পষ্ট কৰি দিছে যে, গৰমত কোৰোনা ভাইৰাছৰ মৃত্যু হয় বুলি কৰা দাবীৰ কোনো ভিত্তি বা প্ৰমাণ নাই। তথাপিও তেওঁ কয়, বৰ্তমানলৈকে কোৰোনা ভাইৰাছে সম্পূৰ্ণ গৰমৰ মুখামুখি হোৱা নাই,গতিকে সময়ত এই বিষয়ত অধিক স্পষ্ট হব পৰা যাব। কিন্তু বৰ্তমান আমাৰ হাতত কোনো তেনে তথ্য নাই।