ICC মহিলা এদিনীয়া বিশ্বকাপৰ উদ্বোধনী মেচত গুঞ্জৰিত কেৱল জুবিনৰ গান...

আই চি চি মহিলা বিশ্বকাপৰ উদ্বোধনী মেচত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই জুবিনৰ গীতেৰে শ্ৰদ্ধাঞ্জলি জনালে জয় বৰুৱা আৰু অংগৰাগ পাপন মহন্তকে ধৰি অন্যান্য শিল্পীসকলে।

author-image
Asomiya Pratidin
New Update
ICC মহিলা এদিনীয়া বিশ্বকাপৰ উদ্বোধনী মেচত গুঞ্জৰিত কেৱল জুবিনৰ গান...

ডিজিটেল ডেস্কঃ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই চি চি মহিলা এদিনীয়া বিশ্বকাপৰ উদ্বোধনী মেচত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এটাৰ পাছত এটাকৈ জুবিনৰ গীতেৰে শ্ৰদ্ধাঞ্জলি জনালে জয় বৰুৱা আৰু অংগৰাগ পাপন মহন্তকে ধৰি অন্যান্য শিল্পীসকলে। তাৰোপৰি বলিউডৰ অন্য এগৰাকী কোকিলকণ্ঠী গায়িকা শ্ৰেয়া ঘোষালেও জুবিনৰ গীতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। 

জয় বৰুৱাই জুবিনৰ, 'মায়াবিনী', 'য়া আলী' আৰু 'অনামিকা' এলবামৰ 'হাঁহিলে তুমি মুকুতা মণি সৰে' গীতেৰে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। অংগৰাগ পাপন মহন্তই জুবিনৰ দুটা গীতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। পাপনৰ কণ্ঠত জুবিনে শুনি ভাল পোৱা 'মায়া' আৰু 'প্ৰীতিৰ সুবাসে' শীৰ্ষক গীত দুটা হাতত গীতাৰ লৈ অকলেই পৰিবেশন কৰে পাপনে। তাৰোপৰি মেঘালয়ৰ বিখ্যাত ‘Shillong Chamber Choir’-এ জুবিনৰ মেডলী পৰিবেশন কৰি জুবিনলৈ শ্ৰদ্ধা জনাইছে। 

শ্ৰেয়া ঘোষালে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি উদ্বোধনী অনুষ্ঠান তথা মেচখনৰ উদ্বোধন কৰে। অৱশ্যে তেওঁ প্ৰথম ইনিংছ অন্ত পৰাৰ পাছতে পুনৰ সংগীত পৰিবেশন কৰিব। সেই সময়তেই তেওঁ জুবিনলৈ শ্ৰদ্ধা নিবেদন কৰি পৰিবেশন কৰিব প্ৰাৰ্থনালৈ ৰূপান্তৰ হৈ পৰা 'মায়াবিনী'।  

উল্লেখ্য যে, আজি উদ্বোধনী মেচখনত ভাৰত আৰু শ্ৰীলংকা মুখামুখী হৈছে। অসমৰ ক্ৰিকেটাৰ তথা উইকেট কীপাৰ উমা চেত্ৰী যদিও বিশ্বকাপ দলটোত আছে যদিও তেওঁ আজি মূল একাদশত স্থান লাভ কৰা নাই। অতিৰিক্ত খেলুৱৈ হিচাপেহে তেওঁ দলত আছে। মূল দলটোত উইকেটককীপাৰ হিচাপে আছে ৰিচা ঘোষ। 

জুবিন গাৰ্গ ক্ৰিকেট এদিনীয়া বিশ্বকাপ আই চি চি