ভাৰতৰ ষ্টেডিয়ামতে টি-২০ বিশ্বকাপৰ মেচ খেলিব লাগিব বাংলাদেশে...

টি-২০ বিশ্বকাপত বাংলাদেশ ক্ৰিকেট দলৰ হ’বলগীয়া মেচসমূহ নিৰ্ধাৰিত স্থানৰ পৰিৱৰ্তে আন স্থানত অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনায়। কিন্তু ICCয়ে স্পষ্টকৈ কয় যে- বিশ্বকাপৰ হ’বলগীয়া মেচসমূহৰ স্থানৰ সাল-সলনি কৰা নহয়। 

author-image
Asomiya Pratidin
New Update
3d4b62df-b619-447e-ab97-7d7f49b5c5f7

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত বাংলাদেশ ক্ৰিকেট দলৰ হ’বলগীয়া মেচসমূহ নিৰ্ধাৰিত স্থানৰ পৰিৱৰ্তে আন স্থানত অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনায়। কিন্তু ICCয়ে স্পষ্টকৈ কয় যে- T-20 বিশ্বকাপৰ হ’বলগীয়া মেচসমূহৰ স্থানৰ সাল-সলনি কৰা নহয়। 

দৰাচলতে, বাংলাদেশে নিজৰ দেশৰ ক্ৰিকেট দলৰ টি-২০ৰ মেচসমূহ শ্ৰীলংকাত অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছিল। কিন্তু ICCয়ে কয় যে- ভাৰতত মেচসমূহ অনুষ্ঠিত হ’লে বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈসকল, অনুৰাগীসকল বা বিষয়াসকলে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ ভাবুকি নাহে। 

ICCৰ বৰ্ডৰ এক ভিডিঅ’ কনফাৰেন্সযোগে হোৱা বৈঠকত এই কথা বাংলাদেশ ক্ৰিকেট বৰ্ডক স্পষ্টকৈ কোৱা হয়। ICCয়ে কয় যে- বৰ্ডৰ তৰফৰ পৰা সকলো নিৰাপত্তাৰ দিশ চালি-জাৰি চোৱা হৈছে। বাংলাদেশৰ সংবাদমাধ্যমৰ লোক, চৰকাৰী বিষয়া, খেলুৱৈ বা অনুৰাগীসকলে ভাৰতত মেচ খেলাৰ বাবে আহিব পাৰে। ভাৰতত তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ ভাবুকি নাহে। তদুপৰি ইমান কম সময়ৰ ভিতৰত নিৰ্ধাৰিত স্থানসমূহ সলনি কৰাতো কোনো পধ্যেই সম্ভৱ নহয় বুলিও কয় ICCয়ে। 

T-20 বিশ্বকাপ