হাৰিও দৰ্শকৰ হৃদয় জিনিলে আফগানিস্তানে

প্ৰথমটো ছুপাৰ অ’ভাৰ ড্ৰ হোৱাত পুনৰ দ্বিতীয় ছুপাৰ অ’ভাৰ খেলাৰ নিৰ্দেশ দিছিল আম্পায়াৰে। দ্বিতীয় ছুপাৰ অ’ভাৰত সেইবাৰ দক্ষিণ আফ্ৰিকাৰ হৈ যুটি বান্ধে ষ্টাৱছ আৰু মিলাৰে। 

author-image
Asomiya Pratidin
New Update
95

ডিজিটেল ডেস্ক : টি-২০ বিশ্বকাপ ২০২৬ত এইখন আছিল এখন শ্বাসৰুদ্ধকৰ মেচ ! হিন্দী চিনেমাৰ দৰেই কাহিনীয়ে গতি লাভ কৰিছিল মেচখনত ! 

চাচপেন্স- থ্ৰিলাৰেৰে ভৰা এই মেচখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হৈছিল দক্ষিণ আফ্ৰিকা- আফগানিস্তানৰ মাজত। এবাৰ নহয়, দুবাৰকৈ উভয় দলৰ মাজত অনুষ্ঠিত কৰিব লগা হৈছিল খেলখন। প্ৰথম ছুপাৰ অ’ভাৰত আফগানিস্তানে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে বান্ধি দিছিল ১৭ ৰানৰ লক্ষ্য। 

আফাগানিস্তানে বান্ধি দিয়া লক্ষ্যত দক্ষিণ আফ্ৰিকা উপনীত হও হও অৱস্থাতে মেচৰ গতি সলনি হৈছিল অন্তিম বলত। প্ৰথমটো ছুপাৰ অ’ভাৰ ড্ৰ হোৱাত পুনৰ দ্বিতীয় ছুপাৰ অ’ভাৰ খেলাৰ নিৰ্দেশ দিছিল আম্পায়াৰে। দ্বিতীয় ছুপাৰ অ’ভাৰত সেইবাৰ দক্ষিণ আফ্ৰিকাৰ হৈ যুটি বান্ধে ষ্টাৱছ আৰু মিলাৰে। 

দুয়োৰে যুটিত সংগ্ৰহ কৰে ২৩ ৰান। ষ্টাৱছে ৭ ৰান কৰাৰ বিপৰীতে মিলাৰে ৪টা বলত বিস্ফোৰক ১৬ ৰানৰ বৰঙণি যোগায়। 

এইবাৰ পুনৰ একেই উত্তেজনা আৰু বিক্ৰমেৰে খেলপথাৰত নামিছিল আফগানিস্তান। ছুপাৰ অ’ভাৰৰ প্ৰতিটো পলেই আছিল ৰোমাঞ্চকৰ আৰু শ্বাসৰুদ্ধকৰ। এনে অৱস্থাত অধিকাংশক সমৰ্থকে আফগানিস্তানৰ বিজয় কামনা কৰিছিল। 

কেনেকৈ জয়ী হ'ল দক্ষিণ আফ্ৰিকা...

কিন্তু দক্ষিণ আফ্ৰিাকাই বান্ধি দিয়া বিজয় লক্ষ্য ভেদ কৰিবলৈ এইবাৰ যেন ভাগৰি পৰিছিল ক্ৰিকেটৰ শিশু আফগানিস্তান। ষ্ট্ৰাইক কৰিবলৈ আহিছিল মহম্মদ নৱী। কেশৱ মহাৰাজৰ হাতত আছিল বল। প্ৰথমটো বলত নাহিল কোনো ৰান। তথাপি এৰা নাছিল আশা। দ্বিতীয়টো বল হিট কৰিব লওতেই কেচ উঠিল ডেভিড মিলাৰৰ হাতত। ৰক্ষা নপৰিল নৱী। 

দ্বিতীয় উইকেটত আহিল ৰহমান উল্লাহ গুৰবাজ। ইতিমধ্যে তেওঁ স্পীন বলাৰক কেইবাৰো নিৰ্দয়ভাৱে প্ৰহাৰ কৰি নিজৰ ফৰ্মৰ উমান দি থৈছে। 

সেই ধাৰা অৱ্যাহত ৰাখি ক্ৰিজত চলিত গুৰৱাজৰ বেটিং বিক্ৰম। কেশৱ মহাৰাজক এটা এটাকৈ ৩টা বাউণ্ডৰীৰে প্ৰচণ্ড আঘাত হানে গুৰৱাজে। ১টা বলত ৬ৰান লগা অৱস্থাত গুৰৱাজে অন্তিমটো বল ছিক্স মাৰিহবলৈ লওতে বলগৈ মিলাৰৰ হাতত পৰিল। 

অব্যৰ্থ মিলাৰে সেই কেচ সহজে আয়ত্ব কৰি দলক দিয়ে সংগ্ৰামী বিজয়ৰ সোৱাদ। দক্ষিণ আফ্ৰিকা জয়ী হ’লেও চৌদিশে চলিল আফগানিস্তানৰ বন্দনা। কাৰ্যতঃ হাৰিও দৰ্শকৰ হৃদয় জিনিলে আফগানিস্তানে।

টি-২০ বিশ্বকাপ