ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰত-বাংলাদেশৰ মেচ...

ভাৰততকৈ তুলনামূলকভাৱে যদিও বাংলাদেশ দুৰ্বল তথাপি দলটোক সহজভাৱে নলয় ভাৰতীয় দলে। কিয়নো ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতক এই টাইগাৰ বাহিনীয়ে লীগ পৰ্যায়ৰ মেচত পৰাস্ত কৰিছিল।

author-image
Asomiya Pratidin
New Update
ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰত-বাংলাদেশৰ মেচ...

IND vs BAN

ডিজিটেল ডেস্কঃ ছাৰ ডন ব্ৰেডমেনৰ দেশ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে এই বৰ্ষৰ টি-২০বিশ্বকাপ। বুধবাৰে ছুপাৰ ১২ৰ এখন গুৰুত্বপূৰ্ণ মেচত অংশ ল'ব ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰত আৰু ছাকিব আল হাছানৰ নেতৃত্বাধীন বাংলাদেশে।

Advertisment
ROHIT- VIRAT
ROHIT- VIRAT

উল্লেখ্য যে, দুয়ো দলৰ বাবে আজিৰ মেচখন গুৰুত্বপূৰ্ণ। কিয়নো আজিৰ মেচত যিটো দলে জয়লাভ কৰিব সিটো দলৰ বাবে ছেমি ফাইনেললৈ যোৱাৰ বাট সূচল হ'ব। পৰিসংখ্যা অনুসৰি ইতিমধ্যে দুয়ো দলৰ পইণ্ট সমপৰ্যায়ৰ। সেই অনুসৰি এডিলেইডত হ'বলগীয়া আজিৰ মেচখন উভয় দলৰ বাবে গুৰুত্বপূৰ্ণ।

ব্ৰেডমেনৰ গৃহচহৰ এডিলেইডৰ আকাশ মেঘাচ্ছন্ন। বতৰ বিজ্ঞানৰ সমীক্ষা অনুসৰি আজিৰ এই মেচত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা প্ৰবল। যদিহে বৰুণ দেৱতাৰ কৃপা দৃষ্টি নপৰে তেন্তে ৰোহিত-ছাকিব বাহিনীৰ বাবে ছেমি ফাইনেল যাত্ৰা মসৃণ নহ'ব।

SAKIB AL HASSAN
SAKIB AL HASSAN

অন্যহাতে মেচৰ পূৰ্বেই বাংলাদেশৰ অধিনায়কে সংবাদ মাধ্যমৰ আগত এইবাৰ বিশ্বকাপত ভাৰতক ফেভাৰিট দল আখ্যা দিছে। বিশ্বকাপৰ খিতাপৰ বাবে প্ৰবল দাবীদাৰ ভাৰত। ভাৰত এটা শক্তিশালী দল। আমি বিশ্বকাপ খিতাপ জয়ৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই। সংবাদ মেলত এইদৰে মন্তব্য কৰে অধিনায়ক ছাকিব আল হাছানে। মেচৰ পূৰ্বে ছাকিবৰ এনে আত্মসমৰ্পণকাৰী মন্তব্য সহজভাৱে ল'ব পৰা নাই দলীয় সতীৰ্থ কিম্বা বাংলাদেশৰ ক্ৰিকেট অনুৰাগীয়ে।

ROHIT-RAHUL
ROHIT-RAHUL

ভাৰততকৈ তুলনামূলকভাৱে যদিও বাংলাদেশ দুৰ্বল তথাপি দলটোক সহজভাৱে নলয় ভাৰতীয় দলে। কিয়নো ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতক এই টাইগাৰ বাহিনীয়ে লীগ পৰ্যায়ৰ মেচত পৰাস্ত কৰিছিল। সেই অনুসৰি পূৰ্ণ শক্তিৰে খেলপথাৰত অৱৰ্তীৰ্ণ হ'ব বিৰাট কোহলি,ৰোহিত শৰ্মা,ৰাহুল,পাণ্ডিয়াৰ দৰে তাৰকা সদস্যই। অৱশ্যে ভাৰতৰ চিন্তাৰ মূল কাৰণ ৰোহিত-ৰাহুলৰ ধাৰাবাহিক বেটিং ব্যৰ্থতা।

cricket SAKIB AL HASSAN ind vs ban ICCT20WC22 rohit sarma aus