/asomiyapratidin/media/media_files/2026/01/24/c52d2b13-8ad6-4ebf-8e4f-d79d444a5fdc-2026-01-24-22-27-29.jpg)
ৰাজৰ্ষি চহৰীয়া
বাংলাদেশত মহম্মদ ইউনুছৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা দেশখনত বহু কেইগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকক প্ৰহাৰ তথা হত্যা কৰাৰ ঘটনা সমুখলৈ আহিছে। ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ক যোৱা প্ৰায় ১৮ মাহ ধৰি অধিক বেয়ালৈ আগবাঢ়িছে। আৰু অৱশেষত তাৰেই প্ৰভাৱ পৰিল ক্ৰীড়া জগততো।
২০২৬ৰ টি-২০ বিশ্বকাপক লৈ বাংলাদেশ আৰু ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল চমুকৈ ICCৰ মাজত বহু বিবাদ আৰম্ভ হয়। চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব লগা বিশ্বকাপত বাংলাদেশ ক্ৰিকেট বৰ্ডে ভাৰতত অনুষ্ঠিত হ’বলগীয়া খেলৰ বাবে ভাৰতত উপস্থিত নহয় বুলি কয়। বাংলাদেশৰ ক্ৰিকেট বৰ্ডৰ মতে, তেওঁলোকৰ দেশৰ খেলুৱৈ, বিষয়া, সাংবাদিক, অনুৰাগীসকল ভাৰতত সুৰক্ষিত নহয়।
কিন্তু অৱশেষত বিশ্বকাপৰ পৰা আঁতৰাই দিয়া হ’ল বাংলাদেশক। এতিয়া টি-২০ বিশ্বকাপত বাংলাদেশৰ স্থানত অংশগ্ৰহণ কৰিব স্কটলেণ্ডে। বিশ্বকাপৰ মেচ খেলিবলৈ ভাৰতত প্ৰৱেশ নকৰো বুলি কোৱা বাংলাদেশক ICCয়ে অৱশেষত বিশ্বকাপৰ দৌৰৰ পৰাই আঁতৰ কৰি দিয়াৰ সিদ্ধান্ত লয়।
উল্লেখ্য যে, টি-২০ বিশ্বকাপত বাংলাদেশ ক্ৰিকেট দলৰ হ’বলগীয়া মেচসমূহ নিৰ্ধাৰিত স্থানৰ পৰিৱৰ্তে আন স্থানত অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনায়। কিন্তু ICCয়ে স্পষ্টকৈ কয় যে- T-20 বিশ্বকাপৰ হ’বলগীয়া মেচসমূহৰ স্থানৰ সাল-সলনি কৰা নহয়।
বাংলাদেশে নিজৰ দেশৰ ক্ৰিকেট দলৰ টি-২০ৰ মেচসমূহ শ্ৰীলংকাত অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছিল। কিন্তু ICCয়ে কয় যে- ভাৰতত মেচসমূহ অনুষ্ঠিত হ’লে বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈসকল, অনুৰাগীসকল বা বিষয়াসকলে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ ভাবুকি নাহে।
বুধবাৰে ICCৰ বৰ্ডৰ এক ভিডিঅ’ কনফাৰেন্সযোগে হোৱা বৈঠকত এই কথা বাংলাদেশ ক্ৰিকেট বৰ্ডক স্পষ্টকৈ কোৱা হয়। ICCয়ে কয় যে- বৰ্ডৰ তৰফৰ পৰা সকলো নিৰাপত্তাৰ দিশ চালি-জাৰি চোৱা হৈছে। বাংলাদেশৰ সংবাদমাধ্যমৰ লোক, চৰকাৰী বিষয়া, খেলুৱৈ বা অনুৰাগীসকলে ভাৰতত মেচ খেলাৰ বাবে আহিব পাৰে। ভাৰতত তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ ভাবুকি নাহে। তদুপৰি ইমান কম সময়ৰ ভিতৰত নিৰ্ধাৰিত স্থানসমূহ সলনি কৰাতো কোনো পধ্যেই সম্ভৱ নহয় বুলিও কয় ICCয়ে।
মন কৰিবলগীয়া যে কেৱল ৰাজনৈতিক দিশটোৱেই নহয় ইয়াৰ মূল কাৰণ। দৰাচলতে, BCCIৰ নিৰ্দেশত IPLৰ দল কলকাতা নাইট ৰাইডাৰ্ছৰ বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক বাহিৰ কৰা হয়। ২০২৬ৰ IPLৰ নিলামত ৯.২০ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰা হৈছিল খেলুৱৈগৰাকীক।
বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকক বাংলাদেশত হত্যা কৰাৰ পাছতেই BCCIয়ে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পাছতে বাংলাদেশে নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা বুলি কয়।
ইফালে, বাংলাদেশ ক্ৰিকেট দলক বাহিৰ কৰাৰ পাছত টি-২০ বিশ্বকাপত স্কটলেণ্ডক গ্ৰুপ চিত অন্তৰ্ভুক্ত কৰা হৈছে। স্কটলেণ্ডে এতিয়া ৭ ফেব্ৰুৱাৰীত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব। তাৰপাছত ৯ ফেব্ৰুৱাৰীত ইটালী আৰু ১৪ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে কলকাতাত খেলিব মেচ। আৰু ১৭ ফেব্ৰুৱাৰীত স্কটলেণ্ডে নিজৰ গ্ৰুপ ষ্টেজত নেপালৰ সৈতে মুম্বাইৰ ষ্টেডিয়ামত খেলিব।
উল্লেখ্য যে, ICCৰ সিদ্ধান্তৰ পূৰ্বে এই মেচ কেইখন স্কটলেণ্ডৰ পৰিৱৰ্তে বাংলাদেশে খেলাৰ কথা আছিল। বাংলাদেশে নিজৰ জেদ এৰি দিয়া হ’লে এই মেচকেইখনত খেলিলে হেঁতেন লিটন দাস, মহম্মদ ছেইফৰ দৰে খেলুৱৈসকলে।
ICCয়ে পূৰ্বে ঘোষণা কৰা তালিকা অনুসৰি বাংলাদেশ ক্ৰিকেট দলটোত খেলিবলৈ ওলাইছিল- অধিনায়ক লিটন দাস, মহম্মদ ছেইফ, তানজিদ হাছান তামিম, পাৰভিজ হুছেইন ইমন, তহিদ হৃদয়, কুৱাজি নুৰুল হাছান চোহান, মেহেদী হাছান, ৰিশ্বাদ হুছেইন, নাচুম আহমেদ, মুস্তাফিজুৰ ৰহমান, তানজিন হাছান ছাকিব, তাস্কিন আহমেদ, মহম্মদ ছাইফুদ্দিন আৰু শ্বৰিফুল ইছলাম।
এইটো কথা সঁচা যে- ক্ৰীড়া ক্ষেত্ৰত ৰাজনীতি প্ৰৱেশ কৰিব নালাগে বা ৰাজনীতিৰ প্ৰভাৱ পৰিব নালাগে। কিন্তু বাংলাদেশে ভাৰতত নিৰাপত্তা নোপোৱাৰ কথা উল্লেখ কৰি শ্ৰীলংকাত মেচসমূহ অনুষ্ঠিত কৰিবলৈ অনুৰোধ কৰাতো এক প্ৰকাৰে দুমুখীয়া চৰিত্ৰৰ দৰেহে চিহ্নিত হৈছে। কিয়নো বাংলাদেশতহে বৰ্তমান সুৰক্ষিত নহয় হিন্দু ধৰ্মাৱলম্বী লোকসকল।
নিজৰ দেশতেই ইমান অৰাজকতা, হত্যাৰ দৰে ঘটনা চলি থকাৰ পাছত সেইখন দেশৰেই ক্ৰিকেট বৰ্ডৰ তৰফৰ পৰা অন্য এখন দেশত সুৰক্ষা নাই বুলি কোৱা কথাটো হাস্যকৰ। আৰু অৱশেষত সেয়েহে উপায়হীন হৈ বাংলাদেশক বিশ্বকাপৰ দৌৰৰ পৰাই আঁতৰাই দিলে ICCয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us