/asomiyapratidin/media/media_files/2025/11/15/221-2025-11-15-08-53-25.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : ভাৰত চৰকাৰৰ অধীনস্থ উঃপূঃপৰিষদৰ শ্বিলংস্থিত ড'নাৰ মন্ত্ৰণালয়ৰ সদস্য সচিব তথা অৱসৰপ্ৰাপ্ত আইএএচ বিষয়া লংকি ফাংচসহ অন্য এগৰাকী এনইচি সদস্য সচিব টেনজিং নৰ্বু থংডক চৰকাৰী ভ্ৰমণসূচীৰে চিকিম পৰিদৰ্শনকালত ৰাজ্য চৰকাৰৰ মুখ্য সচিবক সাক্ষাৎ কৰি ৰাজ্যখনত বৰ্তমান এনইচি অধীনত আঁচনি ৰূপায়নৰ সন্দৰ্ভত বিতংকৈ পৰ্য্যালোচনা কৰে ৷
তদুপৰি নিৰ্মীয়মান বুৰ্টুক চৰকাৰী ডিগ্ৰী কলেজৰ অগ্ৰগতি বুজ লোৱা উদ্দেশ্য পৰিদৰ্শন কৰি নিৰ্মাণকাৰী সংস্থা লগতে জড়িত উচ্চ পদস্থ বিষয়া সৈতে পুখানুপুংখভাৱে বুজ লয় ৷ লংকি ফাংচয়ে উল্লেখ কৰে যে চৰকাৰী নিয়ম অনুসৰি সময়মতে কাম সমাপ্ত কৰাৰ লগতে কামৰ গুণগত মানদণ্ড নজৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
যাতে শিক্ষানুষ্ঠানত কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন ভৱিষ্যতলৈ সুবিধা হয় ৷ লগতে লংকি ফাংচয়ে কয় যে বৰ্তমান ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ উঃপূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে আন্তঃগাঁথনি উন্নয়ন লগতে সৰ্বদিশত বিকাশ আৰু আঁচনি ৰূপায়ণ বদ্ধপৰিকৰ বুলি জানিবলৈ দিয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us