/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0176b492-c7e4-4be7-95f1-50888f353d5a/nazma_22.jpg)
nazma heera memorial public school
ডিজিটেল সংবাদ গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পুৰাণগাঁৱস্থিত নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ পুঁথিভড়াল শনিবাৰে বিয়লি অসম চৰকাৰৰ সচিব কৈলাস কাৰ্তিক এনে (আই এ এছ) পৰিদৰ্শন কৰে৷ এই উপলক্ষে সোণতলীৰ পুৰাণগাঁৱস্থিত নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুল প্ৰাংগণত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ৰহমত উল্লাহৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আদৰণি ভাষণ প্ৰদান কৰে নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণিয়ে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ecff6185-b419-4535-b285-b0c774c03968/eb4efacd_f509_4f60_b3c0_3e654550bf9c.jpg)
সভাত অসম চৰকাৰৰ সচিব কৈলাস কাৰ্তিক এনে স্কুলৰ নৱনিৰ্মিত পুঁথিভড়ালৰ জৰিয়তে শিক্ষাৰ্থীৰ লগতে সাধাৰণ পাঠকসকল উপকৃত হ'ব বুলি মন্তব্য কৰে৷ সভাত অসম চৰকাৰৰ সচিব কৈলাস কাৰ্তিক এনৰ সহধৰ্মিনী ডাঃ বিদ্যা ডি, অধিবক্তা আব্দুল মান্নান, প্ৰাক্তন সৈনিক আব্দুছ ছামাদ আহমেদ, চিকিৎসক কুৰবান আলী আহমেদ, নাজমা-হীৰা মেম'ৰিলেয়ে পাব্লিক স্কুলৰ অধ্যক্ষ সুব্ৰত বৰুৱা, উপাধ্যক্ষ শ্বহিদুৰ ৰহমান, নগৰবেৰা জিলা পৰিষদৰ সদস্য হিমাদ্ৰী পাঠকে অংশগ্ৰহণ কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1fbd58df-400d-43ad-85a0-d6ae50e28f3e/27e8ffd3_9658_4797_af3c_6f87b230b043.jpg)
সভাত শিক্ষাৰ্থীয়ে বৰগীত, সত্ৰীয়া নৃত্য আদি পৰিৱেশন কৰে৷ আনহাতে সন্ধিয়া সাংসদ অজিত কুমাৰ ভূঞা সোণতলীত উপস্থিত হয়৷ উল্লেখ্য যে, মুকলি সভাত সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত সফলতা অৰ্জন কৰা সোণতলীৰ গোলাম ছাৰোৱাৰ হুছেইনক বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা, চেলেং চাদৰ আদি প্ৰদান কৰি অভিনন্দন জনায়৷