/asomiyapratidin/media/media_files/2026/02/22/tejas-ljdkljf-2026-02-22-19-50-49.jpg)
নিউজ ডেস্কঃ ভাৰত বৰ্তমান সময়ত নিৰাপত্তাৰ দিশত অতি সক্ৰিয় হৈ পৰিছে। কিয়নো চিৰবৈৰী পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতক আক্ৰমণ কৰিবলৈ প্ৰতিদিনাই ষড়যন্ত্ৰ ৰচি আছে। সেয়েহে ভাৰতীয় স্থল সেনা, নৌ সেনা আৰু বায়ু সেনা শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক দৃষ্টি দিয়া হৈছে আৰু যিকোনো পৰিস্থিতিৰ বাবে সাজু সেনা বাহিনী। কিন্তু তাৰমাজতে আহিল এক দুঃখবৰ।
ভাৰতীয় বায়ু সেনাই হেৰুৱালে আন এখন যুঁজাৰু বিমান। লাইট কম্বেট এয়াৰক্ৰাফ্টৰ আৰু এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। অৱশ্যে সৌভাগ্যক্ৰমে যুঁজাৰু বিমানখনৰ পাইলটগৰাকী সুৰক্ষিত বুলি জানিব পৰা গৈছে।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, অৱতৰণৰ সময়ত ভাৰতীয় বায়ু সেনাৰ তেজছ যুঁজাৰু বিমানখন দুৰ্ঘটনাত পতিত হয়। সৌভাগ্যক্ৰমে পাইলটগৰাকীয়ে ইজেক্ট কৰি সুৰক্ষিতভাৱে বিমানখনৰ পৰা দুৰ্ঘটনাৰ পূৰ্বে বাহিৰত ওলাই আহে।
ইফালে, এই দুৰ্ঘটনাৰ পাছতে ভাৰতীয় বায়ু সেনাই ক’ৰ্ট অৱ ইনকোৱাৰী গঠন কৰে আৰু আটাইবোৰ তেজছ বিমানৰ নিৰীক্ষণ আৰম্ভ কৰিছে। উল্লেখ্য যে, ২০২৫চনৰ নৱেম্বৰতো দুবাইত এক এয়াৰ শ্ব’ৰ সময়ত এখন তেজছ যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হৈছিল।
দুবাইৰ অল মকতুম আন্তৰ্জাতিক বিমান বন্দৰত সংঘটিত হৈছিল এই দুৰ্ঘটনা। তদুপৰি এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল বিমানখনৰ পাইলটগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us