ডিজিটেল ডেস্কঃ বহুজন সমাজবাদী প্ৰাৰ্থীৰ মূখ্য মায়াৱতীৰ এক নতুন মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিছে। তেওঁ কয় যে,বিজেপিৰ সতে মিত্ৰতাৰ চৰকাৰ গঠন কৰাৰ বিপৰীতে তেওঁৰ ৰাজনীতিৰ পৰা সন্যাস লোৱা পচন্দ কৰিব। তেওঁ সোমবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, কোনো নিৰ্বাচনতে বিজেপি লগত মিত্ৰতা ভৱিষ্যতলৈয়ো সম্ভৱ নহয়। বিএছপিয়ে এটা সাম্প্ৰদায়িক পাৰ্টিৰ লগত কেতিয়াও মিত্ৰতা নকৰে।
তেওঁ লগতে কয় যে এটা সাম্প্ৰদায়িক, জাতিবাদী আৰু পুঁজিবাদী বিচাৰধাৰাৰ লগত মিত্ৰতা অসম্ভৱ।উল্লেখযোগ্য যে মায়াৱতীয়ে বিগত সপ্তাহত কয় যে বিধান পৰিষদ আৰু ৰাজ্যসভাৰ লগতে ভৱিষ্যতৰ নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ জয় সুনিশ্চিত কৰিবৰ বাবে বিজেপি বা অন্য দলৰ আৱশ্যকতা নাই। উত্তৰ প্ৰদেশৰ বিধানসভা ৭খন চহৰত মংগলবাৰে হব লগা ভোটদান এক দিন পূৰ্বে বিএছপিৰ অধ্যক্ষ আৰু পূৰ্ব মুখ্যমন্ত্ৰী মায়াৱতীয়ে বিজেপিৰ সতে মিত্ৰতা কৰাৰ প্ৰসংগ উত্থাপন হোৱাৰ পিছত এই মন্তব্য কৰিছে।