/asomiyapratidin/media/media_files/2025/10/23/whatsapp-image-2025-10-23-21-41-02.jpeg)
ডিজিটেল ডেস্ক : "জুবিনক একাংশ লোকে অপমান কৰিছে। জুবিন গাৰ্গ নাস্তিক নাছিল। জুবিন গাৰ্গে প্ৰায়ে মন্দিৰ আদিত গৈ পূজা কৰিছিল। সেইবোৰ দৃশ্যৰ ফটো আছে" এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
আজি সংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে কয়, শৰীৰত মহাদেৱৰ টেটু থকা জুবিন আছিল শিৱভক্ত। বাওঁপন্থীয়ে নাস্তিক বনালে জুবিনক। ইয়াৰ নেপথ্যত বাওপন্থীসকল, অখিল গগৈ, কংগ্ৰেছসকল আছে। জাতি নাই, ধৰ্ম নাই এইটো আছিল চিনেমাৰ সংলাপ।
জুবিনক সমাধিত সাঁফৰেৰে মদ বাকি দিয়ে, এনে নিয়ম ক’ৰবাত দেখিছে নেকি? আত্মা ভগৱানৰ অংশ। জুবিনক এতিয়া অসমীয়া জাতিয়ে মদেৰে পূজা কৰিব নেকি? এই নিয়মবোৰ কোনে কৰি আছে বুলি প্ৰশ্ন উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই।
সনাতন হিন্দু ধৰ্মক লৈ ষড়যন্ত্ৰ কৰিব বিচাৰিছে একাংশই। ন্যায়ৰ নামত জুবিনৰ আত্মাক হত্যা কৰিব বিচৰিছে একাংশই। জুবিন ক্ষেত্ৰত মদ ঢালি একাংশই জুবিনক অপমান কৰিছে বুলিও ক্ষোভ উজাৰে মুখ্যমন্ত্ৰীয়ে।
তেওঁ লগতে কয়, এমাহে যাৰ যি ইচ্ছা তাকেই কৰিলে। আমিও এমাহ নীৰৱ হৈ থাকিলো। কিন্তু এতিয়া কোনোবাই সমাধিত মদ ঢালি দেখুৱাওকচোন পাৰে যদি। মই জুবিনক কেতিয়াও মদৰ সৈতে পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us