/asomiyapratidin/media/media_files/2026/03/04/223-2026-03-04-20-51-34.jpg)
ডিজিটেল সংবাদ, ধেমাজি : জোনাইত এইবাৰ লাঠি - জোঙ - মাৰপিট আঁতৰি শান্তি প্ৰতিষ্ঠা হ’ব ৷ ভূৱন পেগুক আগৰ নিৰ্বাচনত জিকোৱাৰ মানুহটোৱেই আছিলোঁ মই ৷ সেয়ে ভুৱন পেগুৰ বিষয়ে সকলো জানো ৷ কংগ্ৰেছৰ দিনত যিমান মাটি পট্টা দিয়া হৈছিল, হিমন্ত বিশ্ব শৰ্মাই যিমানেই ডাংকোপ মাৰি নকওঁক লাগে এতিয়াৰ তেওঁৰ চৰকাৰে তাৰ আধাও দিব পৰা নাই ৷
ভুৱন পেগু কেৱল বিফলেই নহয়, তেওঁ সমষ্টিটোৰ এগৰাকী অহংকাৰী আৰু বিফলতাৰ ৰজা বিধায়ক হয় ৷ কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া তালিকাত জোনাই সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ টিকট লাভ কৰাৰ পিছত বুধবাৰে ধেমাজি জিলা কংগ্ৰেছ দলৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাজু কুমাৰ মেদকে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
লগতে বিধায়ক ভুৱন পেগুক কঠোৰ সমালোচনা কৰে ৷ ভুৱন পেগুৰ একালৰ ঘনিষ্ঠ সহযোগী ৰাজু কুমাৰ মেদক এইবাৰ ভুৱন পেগুৰ প্ৰতিদন্দ্বী ৷ ভুৱন পেগুৰ নিৰ্বাচনী ৰাজনীতিৰ তলা নলা সকলো জানে বুলি মন্তব্য কৰি ২০২৬ ৰ নিৰ্বাচনত জোনাই সমষ্টিত শাসক বিৰোধীৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ ইংগিত দিয়ে ৰাজু কুমাৰ মেদকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us