/asomiyapratidin/media/media_files/2025/09/20/378-2025-09-20-22-05-35.jpg)
ডিজিটেল ডেস্ক : জীয়াই থাকোতেই জুবিন গাৰ্গে কৈছিল এটা কথা- নৱগ্ৰহলৈ নাযায় তেওঁ। সেইদিনা তেওঁ গৈছিল ভূতনাথ শ্মশানলৈ। নিশা তাতেই সাংবাদিকৰ সৈতে কিছু কথা পাতিছিল জুবিনে। তেতিয়াই কৈছিল তেওঁ এই কথা, নৱগ্ৰহলৈ নোযোৱাৰ কথা।
তাৰ যুক্তিও দিছিল জুবিন গাৰ্গে। কৈছিল- নৱগ্ৰহত মই জংকীক জ্বলাইছো। জয়ন্তক জ্বলাইছো, ভাইমনদা, হীৰুদাক জ্বলাইছো। তেওঁৰ কথাৰ পৰাই গম পোৱা গৈছিল নৱগ্ৰহলৈ গ’লে সেই কথাবোৰে আমনি কৰে বুলিয়েই তেওঁ যোৱা নাছিল নৱগ্ৰহলৈ।
ভূতনাথলৈ তেওঁ প্ৰায়েই গৈছিল। ভূতনাথৰ বহুলোকৰ সৈতে তেওঁৰ আছিল আত্মীয়তা। ৰাকেশ নামৰ ল’ৰাটোক দেখুৱাই জুবিনে কৈছিল ইয়াত ৰাকেশ আছে। তাক মই ভালপাওঁ। কিছুদিনৰ আগতে তাক মই ফোন কৰিছিলো। গান গোৱা সৰু ছোৱালী এজনী ঢুকাইছিল। তাক কৈছিলো- এটকাও নল’বি তাৰ পৰা। সি ইয়াত খৰি যোগান ধৰে। সি লোৱা নাছিল পইছা।
ভবা নাছিল কোনেও ইমান সোনকালে আহিব জুবিনৰ বাবে ভূতনাথ, নৱগ্ৰহ নহ’লেও আন ঠাইৰ সন্ধান কৰাৰ সময়। আনুষ্ঠানিক সিদ্ধান্ত এতিয়াও লোৱা নাই। কিন্তু চোৱা হৈছে মহানগৰীৰ আশে-পাশে ঠাই। হ’ব পাৰে সেয়া সোণাপুৰ বা উত্তৰ গুৱাহাটী।
নালাগে যাব নৱগ্ৰহলৈ, নালাগে যাব ভূতনাথলৈ। বিশেষভাৱে নিৰ্বাচিত কৰা স্থানতে হ’ব জুবিনৰ শেষকৃত্য। অগ্নিশিখাই সামৰি ল'ব তেওঁৰ নশ্বৰ দেহ। পাৰ্থিৱ শৰীৰ বিনাশ হ'লেও থাকিব যাব জুবিন। মিঠা এটা সুৰ হৈ ৰৈ যাব গীতৰ অনুৰণন...