সাম্প্ৰতিক পৰিস্থিতিত অসমৰ বাবে মিত্ৰতা অতি জৰুৰী : গৌৰৱ গগৈ

সামাজিক মাধ্যমত ইয়াৰ উত্তৰত গৌৰৱ গগৈয়ে এনেদৰে লিখিছে- ৰাজ্যখনৰ প্ৰধান বিৰোধী ৰাজনৈতিক দলসমূহক একেলগে লৈ আগবাঢ়ি যাবলৈ মোৰ সাধ্য অনুযায়ী সৰ্বোচ্চ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।

author-image
Asomiya Pratidin
New Update
178

ডিজিটেল ডেস্ক : প্ৰদেশ কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত এতিয়াও কোনো সঠিক সিদ্ধান্ত ল’ব পৰা নাই অসম জাতীয় পৰিষদ, ৰাইজৰ দলকে ধৰি আন আন সহযোগী ৰাজনৈতিক দলসমূহে। ইতিমধ্যে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ আসন ভাগ –বাটোৱাৰক লৈও প্ৰশ্ন তুলিছে বিভিন্ন মহলে। 

সম্প্ৰতি এই সন্দৰ্ভক মুখ খুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিভিন্নজনে কৰা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়- মই বিশ্বাস কৰোঁ যে এই মুহূৰ্তত মিত্ৰতাৰ অতি প্ৰয়োজন। সাম্প্ৰতিক পৰিস্থিতিত অসমৰ বাবে মিত্ৰতা অতি জৰুৰী ।

সামাজিক মাধ্যমত ইয়াৰ উত্তৰত গৌৰৱ গগৈয়ে এনেদৰে লিখিছে- ৰাজ্যখনৰ প্ৰধান বিৰোধী ৰাজনৈতিক দলসমূহক একেলগে লৈ আগবাঢ়ি যাবলৈ মোৰ সাধ্য অনুযায়ী সৰ্বোচ্চ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।

বহুতে প্ৰশ্ন কৰিছে যে কংগ্ৰেছে ইমান আসন কিয় ত্যাগ কৰিছে ! তেওঁলোকলৈ মোৰ উত্তৰ হ’ল - মই বিশ্বাস কৰোঁ যে এই মুহূৰ্তত মিত্ৰতাৰ অতি প্ৰয়োজন। সাম্প্ৰতিক পৰিস্থিতিত অসমৰ বাবে মিত্ৰতা অতি জৰুৰী । 

সেয়েহে আলোচনাৰ বাবে মই সকলোকে এটা ইতিবাচক মনোভাৱ লৈ আগবাঢ়ি আহিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু আসন-বিতৰণৰ প্ৰক্ৰিয়াটো এৰা ধৰাৰ মাজেৰে সোনকালে সম্পূৰ্ণ কৰি তুলিবলৈ আহবান জনাইছো।

উল্লেখযোগ্য যে, শুকুৰবাৰে দুদিনীয়া অসম ভ্ৰমণ সামৰি দিল্লীলৈ উৰা মাৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে অসম প্ৰদেশ কংগ্ৰেছৰে এক বৈঠক অনুষ্ঠিত কৰাৰ বাবে শনিবাৰে নেতৃবৰ্গক মাতি পঠিয়াইছিল। সেই অনুসৰি আজি দিল্লীত প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা আদিয়ে এক আলোচনাত মিলিত হ’ব। 

এই আলোচনা মূলতঃ আসন্ন বিধানসভা নিৰ্বাচক লৈ হ’ব যদিও ইয়াত মিত্ৰতাৰ বিষয়টোও বিশেষ স্থান লাভ কৰিব। একেদৰে প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়ে আলোচনাত বহিব নেতৃবৰ্গ।

গৌৰৱ গগৈ