/asomiyapratidin/media/media_files/2025/09/12/physiotherapist-2025-09-12-15-25-29.jpg)
ডিজিটেল ডেস্কঃ ফিজিঅ’থেৰাপিষ্ট সকলক চিকিৎসক নহয়। তেওঁলোকে নামৰ আগত নোৱাৰিব ‘ডাঃ’ লিখিব। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে এক নিৰ্দেশনাৰ জৰিয়তে এই নিৰ্দেশ জাৰি কৰিছে।
যোৱা ৯ ছেপ্টেম্বৰৰ এখন পত্ৰত ডি জি এইছ এছ ডাঃ সুনীতা শৰ্মাই ফিজিঅ’থেৰাপিষ্টসকলে নামৰ আগত ‘ডাঃ’ ব্যৱহাৰ কৰা কাৰ্য ভাৰতীয় চিকিৎসা ডিগ্ৰী আইন, ১৯১৬ উলংঘা হ’ব বুলি উল্লেখ কৰে। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ দিলীপ ভানুসালিলৈ এই সম্পৰ্কে নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে।
ডিজিএইছএছে স্পষ্ট কৰি দিয়ে যে ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসাজনিত অৱস্থা নিৰ্ণয় কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত নহয় আৰু তেওঁলোকে প্ৰাথমিক চিকিৎসাৰ প্ৰেকটিছ গ্ৰহণ কৰা উচিত নহয়। তেওঁলোকে কেৱল ৰেফাৰ কৰা ৰোগীকহে চিকিৎসা কৰিব লাগিব। তেওঁলোকৰ নামৰ আগত 'ডাঃ' লিখিব নোৱাৰে, এয়া অপব্যৱহাৰ।
পত্ৰখনত পাটনা আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়কে ধৰি চিকিৎসা পৰিষদৰ পূৰ্বৰ আদালতৰ ৰায় আৰু পৰামৰ্শৰ কথা উল্লেখ কৰা হৈছে। যিয়ে ফিজিঅ’থেৰাপিষ্ট আৰু অকুপেচনেল থেৰাপিষ্টক ‘ডাঃ’ ব্যৱহাৰ কৰাত বাধা আৰোপ কৰিছিল।
উল্লেখ্য যে, যোৱা এপ্ৰিল মাহত নেচনেল কমিছন ফৰ এলাইড এণ্ড হেল্থকেয়াৰ প্ৰফেচনছ চমুকৈ এন চি এ এইছ পিয়ে এক অধিসূচনাৰ জৰিয়তে ফিজিঅ’থেৰাপিষ্টসকলক নামৰ সৈতে ডাঃ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিল। তাৰ পিছতেই এতিয়া ডি জি এইছ এছে নতুন নিৰ্দেশনা প্ৰদান কৰিছে।
ডিজিএইচএছে জোৰ দি কয় যে ‘চিকিৎসক’ উপাধিটো আধুনিক চিকিৎসা, আয়ুৰ্বেদ, হোমিঅ’পেথী, আৰু ইউনানীৰ পঞ্জীয়নভুক্ত চিকিৎসকৰ মাজতে সীমাবদ্ধ থাকিব লাগে। ইয়াৰ বাহিৰে আন কোনোৱে নামৰ সৈতে ডাঃ ব্যৱহাৰ কৰিলে সেয়া ভাৰতীয় চিকিৎসা ডিগ্ৰী আইনৰ অধীনৰ আওতালৈ আহিব আৰু তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।