/asomiyapratidin/media/media_files/2025/10/31/1-2025-10-31-15-57-13.jpg)
ডিজিটেল সংবাদ,ৰঙাপাৰাঃ ৰঙাপৰাৰ সোনাজুলি চাহ বাগিচাত সংঘটিত হৈছিল এক হত্যাকাণ্ড ৷ হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল হত্যাকাৰী বগাই মুণ্ডা ৷ ২৭ অক্টোবৰৰ মাজনিশা সোনাজুলি চাহ বাগিচাৰ ১৮ নং লাইনত সংঘটিত হৈছিল এই জঘন্য হত্যাকাণ্ডৰ ঘটনা ৷
উক্ত লাইনৰ অৰ্জুন মুণ্ডা নামৰ যুৱকজনক কাঠৰ টুকুৰা আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিছিল একে লাইনৰে বগাই মুণ্ডা নামৰ লোকজনে ৷ হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল হত্যাকাৰী বগাই মুণ্ডা ৷
কালি নিশা ৰঙাপৰা আৰক্ষীয়ে দুদিন ধৰি পলাতক অৱস্থাত থকা হত্যাকাৰী বগাই মুণ্ডাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ হত্যাকাৰী বগাই মুণ্ডাৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক আছিল অৰ্জুন মুণ্ডাৰ ৷ যাৰ বাবে অৰ্জুন মুণ্ডাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে বগাই মুণ্ডাই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us