/asomiyapratidin/media/media_files/2025/12/20/500-2025-12-20-22-17-39.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ নৱগঠিত ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানত দাঁতিকাষৰীয়া খুংগ্ৰীং গাঁৱত বিলুপ্তপ্ৰায় প্ৰজাতিৰ দুষ্প্ৰাপ্য বেঙ্গল ফ্ল'ৰিকান চৰাই চিকাৰ কৰি ভক্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে । খুংগ্ৰীং অঞ্চলৰ এহাল দম্পতীয়ে বিলুপ্তপ্ৰায় প্ৰজাতিৰ বেঙ্গল ফ্ল'ৰিকান চৰাই এটাক হত্যা কৰি খাবলৈ জুইত দিয়াৰ ফটো সামাজিক মাধ্যমত আপলোড দিয়াৰ পিছত এই জঘন্য ঘটনাটো পোহৰলৈ আহে ।
সামাজিক মাধ্যমত এই অমানৱীয় কাৰ্য্য প্ৰত্যক্ষ কৰাৰ পিছত বন্যপ্ৰাণী সংৰক্ষণ হকে কাম কৰি থকা পৰিৱেশকৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। শনিবাৰে দিনৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশকৰ্মীসকলে সামাজিক মাধ্যমৰ যোগেদি চিৰাং জিলাৰ ৰুণীখাতাৰ খুংগ্ৰীঙত এই বিলুপ্তপ্ৰায় বেঙ্গল ফ্ল'ৰিকান চৰাই চিকাৰ কৰি ভক্ষণ কৰাৰ নিন্দা-গৰিহণা দিয়াৰ লগতে উক্ত জঘন্য ঘটনা সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ব্যৱস্থা গ্ৰহন কৰাৰ আহ্বান জনায় ।
ইপিনে সামাজিক মাধ্যমৰ আঁত ধৰি ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ দলে খুংগ্ৰীংগাঁৱত অভিযান চলাই বিগ্ৰাই মুছাহাৰী (৩৮) আৰু ছাওন বসুমতাৰীক আটক কৰে । আৰক্ষীয়ে বিগ্ৰাই মুছাহাৰীৰ বাসগৃহৰ পৰা চিকাৰ কৰি ভক্ষণ কৰা বেঙ্গল ফ্ল'ৰিকান চৰাইৰ পাখি উদ্ধাৰ কৰাৰ লগতে ধৃত দুজনক আটক কৰি চিৰাং জিলা বনসংমণ্ডল বিষয়াৰ হাতত গতাই দিয়ে।
পিছত বনবিভাগ ফালৰ পৰা আই ইউ চি এন ৰ দ্বাৰা বিপদাপন্ন ৰঙা তালিকাভুক্ত কৰা বেঙ্গল ফ্ল'ৰিকান চৰাই হত্যা কৰা ধৃত ব্যক্তি দুজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন (১৯৭২) প্ৰয়োগ কৰি গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। বনবিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচ'ৰাত অবাধে চোৰাং চিকাৰীয়ে বন্যপ্ৰাণী হত্যা কৰি ভক্ষন কৰাৰ লগতে মঙহ বিক্ৰী কৰাৰ দৰে দুষ্কাৰ্য সাধাৰণ ঘটনালৈ পৰিণত হৈছে বুলি উক্ত অঞ্চল পৰিৱেশ কৰ্মী সকলে অভিযোগ উত্থাপন কৰে। লগতে এই বন্যপ্ৰাণী সুৰক্ষাৰ হকে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বন বিভাগৰ লোকে আহ্বান জনায় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us