নগাঁৱত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচীঃ শতাধিক এ আই ইউ ডি এফ কৰ্মীৰ কংগ্ৰেছত যোগদান

নগাওঁ জিলাৰ ধিং সমষ্টিৰ সোনাইবেৰাত আজি কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়। আজি শতাধিক এ আই ইউ ডি এফ নেতা, কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
নগাঁৱত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচীঃ শতাধিক এ আই ইউ ডি এফ কৰ্মীৰ কংগ্ৰেছত যোগদান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ধিং সমষ্টিৰ সোনাইবেৰাত আজি কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়। আজি শতাধিক এ আই ইউ ডি এফ নেতা, কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।

য’ত উপস্থিত থাকে নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিয়াউল ইছলাম সদাগৰ। আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি সাজু হৈছে কংগ্ৰেছ দল। 

যাৰ বাবে ধিং সমষ্টিৰ কংগ্ৰেছ দলে গাঁৱে-ভূঞে এখনৰ পিছত আনখনকৈ সভা অনুষ্ঠিত কৰি বিভিন্ন পৰ্যায়ৰ ৰণকৌশল প্ৰস্তুত কৰিছে। তাৰ পৰিপেক্ষিতত আজি সোনাইবেৰাত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সভা অনুষ্ঠিত হয়। 

সভাত ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বেই ধিঙৰ শতাধিক কৰ্মীয়ে এই আই ইউ ডি এফ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে। সোনাইবেৰা মণ্ডলৰ প্ৰাক্তন সভাপতি ইছমাইল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষন প্ৰদান কৰি ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিয়াউল ইছলাম সদাগৰে তেওঁ যদি প্ৰাৰ্থিত্ব লাভ কৰে, তেনে ৰাজ্যৰ ভিতৰতে অভিলেখ সংখ্যক ভোটত জয়ী হোৱাৰ দাবী কৰে।

লগতে এ আই ইউ ডি এফৰ কৱলত পৰি বিগত ২০ বছৰ ধৰি বিধ্বস্ত হৈ পৰা ধিং সমষ্টি উদ্ধাৰ কৰি ৰাইজক উন্নয়নৰ পথ দেখুৱাব বুলি প্ৰকাশ কৰে। এ আই ইউ ডি এফ দল আজি অস্তিত্ব নাইকিয়া হৈ পৰিছে, ৰাইজৰ দল বিজেপিৰ বি টি হৈ কাম কৰি আছে বুলি ভাষনত উল্লেখ কৰে। 

ইফালে সভাৰ উদেশ্য ব্যখ্যা কৰি সোনাইবেৰা বাটমাৰী মণ্ডল সমিতিৰ সম্পাদক মুছফিকুৰ ৰহমানে বিজেপি চৰকাৰক সমালোচনা কৰি সকলো একগোট হৈ কংগ্ৰেছ দলক জয়যুক্ত কৰাবলৈ আহ্বান জনায়। আব্দুল মতালিব, আব্দুল মান্নান, আব্দুল ৰছিদ, আবুল কাচেম, মফিজ উদ্দিন, নুৰুল ইছলাম, ছাইফুল ইছলামকে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থকা সভাত হবিবুৰ ৰহমান, মুজিবুৰ ৰহমান, ৰিয়াজ উদ্দিন, ইছমাইল হুছেইনকে আদি কৰি শতাধিক লোকে এ আই ইউ ডি এফ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে। নতুনকৈ যোগদান কৰা লোকসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। 

কংগ্ৰেছ ধিং