/asomiyapratidin/media/media_files/2026/01/03/578-2026-01-03-09-37-07.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ৰাষ্ট্ৰপতিৰ শাসন চলি থকা চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। কাকছিং আৰু ইম্ফল ইষ্ট জিলাৰ বিভিন্ন স্থানত অভিযান চলাই অসম ৰাইফলছ আৰু আৰক্ষীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে।
দুয়োখন জিলাত চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে ১টা M16 ৰাইফল,১টা SLR,৪টা ব'ল্ট একছন ৰাইফল,১টা পিষ্টল ১টা শক্তিশালী IED ১টা ড্ৰোণ, ১৫ টা গ্ৰেনেড, ৮৫ ৰাউণ্ড সক্ৰিয় গুলী সহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে। কেইৰো ওয়াংখেমত চলোৱা আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে ২টা ব'ল্ট একছন ৰাইফল, ১টা পিষ্টল,২টা গ্ৰেণেড আৰু ১২৫ টা সক্ৰিয় গুলি জব্দ কৰে। ইফালে, ইম্ফল ইষ্ট জিলাৰ মংহাম গাৱৰ পৰা দেশত নিৰ্মিত ২৭ টা বোমা উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us