/asomiyapratidin/media/media_files/2025/01/22/oukOL6naMOGkWfTS3XV4.jpg)
মাজবাটত পুনৰ বৃহৎ পৰিমানৰ গাঞ্জা জব্দ
ডিজিটেল সংবাদ, মাজবাট : মাজবাট আৰক্ষীৰ আভিযানত বুধবাৰে জব্দ কৰা হৈছে ১১২ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা। জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্রায় ১১ লাখ ২০ হাজাৰ টকা।
ঘটনা সন্দর্ভত মাজবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন গাঞ্জা সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীজন হৈছে মাজবাট থানাৰ অন্তৰ্গত আদৰ্শ বাহাদুৰৰ নতুন মাটি গাঁৱৰ বিমল গয়াৰী (৪৫)।
এক গোপন খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবেৰ নেতৃত্বত লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা, এছ আই চিত্ৰনীল দাস, জুবিন কাঠাৰৰ লগত যোৱা বৃহৎ আৰক্ষীৰ দলে অসম-অৰুণাচল ৰৌতা নদীৰ কাষৰ বুটিয়া মাৰীৰ ঘন জংঘলত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।
পিছত জব্দ কৰা গাঞ্জাখিনিৰ লগত আটক কৰা লোকজনক মাজবাট আৰক্ষী থানালৈ লৈ আনে। ঘটনা সন্দর্ভত মাজবাট আৰক্ষীয়ে ০৪/২৫ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি অব্যাহত ৰাখিছে তদন্ত।