আক্ৰাছুৰ উদ্যোগত কোকৰাঝাৰত বিশাল প্ৰতিবাদী জোঁৰ সমদল

জনজাতিকৰণ নহ'লে কোচ ৰাজবংশী এলেকাত  নিষিদ্ধ কৰিব বিজেপিৰ প্ৰৱেশ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-20 at 9.22.26 PM

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ আক্ৰাছুৰ উদ্যোগত কোকৰাঝাৰত বিশাল প্ৰতিবাদী জোঁৰ সমদল। কে এলঅ'ৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰা, পৃথক কমতাপুৰ ৰাজ্য গঠন কৰা আৰু কোচ-ৰাজবংশীক জনজাতিকৰণৰ দাবীত কোকৰাঝাৰত বৃহৎ প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে আক্ৰাছুকে আদি কৰি কোচ-ৰাজবংশীৰ আন জাতীয় সংগঠন সমূহে। কোচ -ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু , কেএচডিচি , কমতাপুৰ কোচ-ৰাজবংশী আৰ্টিষ্ট ছছাইটি , কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থা, মহিলা সমিতি , চিলাৰায় সেনাৰ আদিকে ধৰি আন কেবাটাও জাতীয় সংগঠনৰ যৌথ উদ্যোগত কোকৰাঝাৰত বাহিৰ হোৱা বিশাল প্ৰতিবাদী জোঁৰ সমদলত প্ৰায় ১০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল'গান দি কোকৰাঝাৰ সদৰ চহৰৰ আকাশ বতাহ কপাই তোলে । 

উল্লেখ্য যে, কোকৰাঝাৰৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেল পথাৰৰ পৰা বাহিৰ কৰা জোঁৰ সমদলত কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ কোচ ৰাজবংশী ৰাইজে অংশগ্ৰহণ কৰি বিজেপি গো বেক , ন’এছ টি ন’ৰেষ্ট , আদি শ্ল’গানেৰে কোকৰাঝাৰৰ আকাশ বতাহ  কপাই তোলে ৷ আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন ৰায়ৰ নেতৃত্বত উলিওৱা সমদলটোৱে এনেদৰে কোকৰাঝাৰৰ চহৰৰ জেডি ৰোডেৰে প্ৰায় চাৰি কিলোমিটাৰ পথ সমদল কৰি গ্ৰীণ ফিল্ডত সমবেত হয় আৰু প্ৰতিবাদী  জোঁৰ সমদল কাৰ্যসূচীৰ অন্ত পেলায় । 
 
 ইপিনে প্ৰতিবাদী  জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰি আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন ৰায়কে ধৰি আন নেৰ্তৃবৰ্গই কোচ ৰাজবংশীক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিজেপিয়ে ভূগিব লাগিব বুলি মন্তব্য কৰে।

প্ৰণিধানযোগ্য যে জনজাতিকৰণ নহ'লে কোচ ৰাজবংশী এলেকাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিব  বুলি সকীয়াই দিয়ে কোচ ৰাজবশী সংগঠনৰ নেতৃবৰ্গই । তদুপৰি কেএলঅ'ৰ সতে মৰ্যদাসহকাৰে শান্তি আলোচনাত অংশগ্ৰহণ কৰিবলৈ দাবী জনাই কোচ ৰাজবংশীৰ নেৰ্তৃবৰ্গই কয় যে আন সংগঠনৰ সতে চৰকাৰে মৰ্যদাসহকাৰে শান্তি আলোচনাত অংশগ্ৰহণ কৰে যদিও কেএলঅ'ৰ অধ্যক্ষ জীৱন সিংহক গৃহবন্দী কৰি চৰকাৰে আলোচনা আগবঢ়াব বিচাৰিছে । চৰকাৰৰ এনে কামক ধিক্কাৰ জনাইছে কোচ ৰাজবংশীৰ নেতৃবৰ্গই । 

 উল্লেখ্য যে আজিৰ প্ৰতিবাদী জোঁৰ সমদলত আক্ৰাছুৰ সভাপতি- দ্বীপেন ৰায়, যুটীয়া সাধাৰণ সম্পাদক ক্ৰমে সুনাধৰ ৰায়, নিমাই ৰায়,ক্ৰানছু, সভাপতি হৃদয় কুমাৰ ৰায়, কোকৰাঝাৰ জিলা কেএছডিচিৰ সভাপতি বাণীৰাম ৰায় আদিকে ধৰি কোচ ৰাজবংশীৰ জাতীয় সংগঠনৰ নেৰ্তৃবৰ্গই অংশগ্ৰহণ কৰে।  সমদলত জীৱন সিংহৰ প্ৰতিচ্ছবি লৈও একাংশই প্ৰতিবাদী জোঁৰ সমদলত অংশগ্ৰহণ কৰে । 

কোকৰাঝাৰ