গহপুৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

গহপুৰৰ নয়া ঘগৰা চাহ বাগিছাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ। বিশ্বনাথ জিলা কমিটিৰ উদ্যোগত আৰু আঞ্চলিক কমিটি সমুহৰ সহযোগত অনুষ্ঠিত হোৱা বিশাল গণ সমাবেশত কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰেজান হৰ আৰু সম্পাদক দেবেন ওৰাং অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
CXCXCXCTTTTTTTTT

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ নয়া ঘগৰা চাহ বাগিছাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ। বিশ্বনাথ জিলা কমিটিৰ উদ্যোগত আৰু আঞ্চলিক কমিটি সমুহৰ সহযোগত অনুষ্ঠিত হোৱা বিশাল গণ সমাবেশত কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰেজান হৰ আৰু সম্পাদক দেবেন ওৰাং অংশগ্ৰহণ কৰে।

আদিবাসী সকলক জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান, জাতিগত প্ৰমাণ পত্ৰ প্ৰদান, বিটিআৰ অঞ্চলত থকা শৰণাৰ্থীসকলক সংস্থাপন দিয়া, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু বিটিআৰত আদিবাসী গাঁৱৰ অন্তৰ্ভুক্তিকৰণৰ বিৰোধিতাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে।

সভাৰ অন্ততঃ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকে সাংবাদিকৰ আগত মন্তব্য কৰি সদৰি কৰে যে, "বিটিআৰ চুক্তি অনুসৰি ৫০% বড়ো জনগোষ্ঠী থকা অঞ্চল সমূহ বিটিআৰত অন্তৰ্ভুক্ত হ'ব লাগে কিন্তু এতিয়া ৫% বড়ো লোক থকা গাঁও অন্তৰ্ভুক্ত হৈছে। বিজেপি চৰকাৰ খনে আদিবাসী সকলৰ উন্নতিৰ বাবে একো কৰা নাই, ২৬ ৰ নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব" বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে। 

আনহাতে, কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই আদিবাসী সকলৰ আপোন নহয়, সেয়ে আদিবাসী সকলৰ নতুন দল জয় ভাৰতক সমৰ্থন জনাবলৈ আহ্বান জনাই নেতাদ্বয়ে। একেদৰে "আদিবাসী সম্প্ৰদায়ৰ মন্ত্ৰী বিধায়কসকল বিজেপিৰ চামচা" বুলিও উল্লেখ কৰে। 

গহপুৰ