কাকমাৰিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা

গজেন্দ্ৰ উপমন্যুয়ে সভাখনত অংশগ্ৰহণ কৰি ৰহা সমষ্টিত অনুষ্ঠিত হোৱা সভাত যি দৰে মানুহৰ আগমন ঘটিছে তালৈ চাই অহা বিধানসভা নিৰ্বাচনত ৰহাৰ বিধায়ক জন কংগ্ৰেছ দলৰ হ'ব বুলি উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ৰহাঃ    নৱগঠিত ৬১ নং ৰহা বিধান সভা সমষ্টিৰ কাকমাৰীত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰস্তুতিৰ এখন বৃহৎ সভা। নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুনমনি বৰাৰ সভানেতৃত্বত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সভাখনত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা নগাঁও জিলাৰ তত্বাৱধায়ক গজেন্দ্ৰ উপমন্যুয়ে সভাখনত অংশগ্ৰহণ কৰি ৰহা সমষ্টিত অনুষ্ঠিত হোৱা সভাত যি দৰে মানুহৰ আগমন ঘটিছে তালৈ চাই অহা বিধানসভা নিৰ্বাচনত ৰহাৰ বিধায়ক জন কংগ্ৰেছ দলৰেই হ'ব বুলি উল্লেখ কৰে।

আনহাতে ৰহা সমষ্টিত পূৰ্বে কংগ্ৰেছ দলৰ বিধায়ক আছিল আৰু ভবিষ্যতেও কংগ্ৰেছৰ বিধায়ক থাকিব বুলিও মন্তব্য কৰে বিধায়িকা শিবামনি বৰাই আৰু আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী মুখী নহৈ কংগ্ৰেছ মুখী হৈ সকলোকে ভোট দিবলৈ আহ্বান জনায়। বিধায়ক নুৰুল হুদা ,ৰহা সমষ্টিৰ তত্বাৱধায়ক অশোক শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি মেহদী আলম বৰা,নগাঁও জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ তানজিল হুছেইনে উপস্থিত থকা সভাখনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌহানে অংশগ্ৰহণ কৰি কয় কংগ্ৰেছ দলৰ নীতি আদৰ্শ ব্যাখ্যা কৰি কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলোকে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰা হাতে কামে লাগি দলৰ হকে কাম কৰিবলৈ আহ্বান জনায়।

লগতে  বিজেপিৰ ভোট চুৰি ,মাটি চুৰি আদিৰ বিষয়সমূহ উপস্থাপন কৰি মানুহে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক ভোট দিব বুলি কয়। জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগ উত্থাপন কৰি  এই বিষয়টোৰ প্ৰকৃত ন্যায় কংগ্ৰেছক লাগিবই বুলিও মন্তব্য কৰে।জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত আমি যুঁজি যাম, জুবিন গাৰ্গৰ ন্যায় বিচাৰাটো ৰাজনিতীকৰণ নহয়।

উল্লেখযোগ্য যে, সভাত কেইবাগৰাকীও বিজেপিৰ সদস্য‌ই কংগ্ৰেছ দলত যোগদান কৰে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত ৰহা সমষ্টিৰ পৰা টিকটৰ দাবীদাৰ উৎপল বনিয়াকে প্ৰমুখ্যে কৰি কেইবাজনকো ৰাইজৰ আগত চিনাকি কৰি দি সম্বৰ্ধনা জনোৱা হয়।

ৰহা