/asomiyapratidin/media/media_files/2025/05/05/RIkdS1x09UWa0ApfyJ6k.jpg)
মণিপুৰত বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ
ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত এক অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে । টেংনৌপাল জিলাৰ থামলাপোকপি চেকগেটত আৰক্ষী আৰু বি এছ এফে এখন চাৰিচকীয়া চুইফট বাহনত যুটীয়াভাৱে তালাচী চলাই জব্দ কৰিছে নিচাজাতীয় সামগ্ৰীখিনি।
বাহনখনৰ গোপন চেম্বাৰত লুকুৱাই অনা ১৯ টা চাবোনৰ বাকচৰ পৰা জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি। নিচাজাতীয় সামগ্ৰীখিনি সন্দেহজনক হেৰ'ইন বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
হেৰ'ইন খিনিৰৰ ওজন ১৯০ গ্ৰাম বুলি সদৰী কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us