Advertisment

মেট্ৰিকত ঘিলামৰাৰ দুখন বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণঃ ঢকুৱাখনাৰ ভিতৰত প্ৰথম শ্ৰেষ্ঠা এম বৰুৱা...

মেট্ৰিকত ঘিলামৰাৰ দুখন বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণঃ ঢকুৱাখনাৰ ভিতৰত প্ৰথম শ্ৰেষ্ঠা এম বৰুৱা...

author-image
Asomiya Pratidin
New Update
মেট্ৰিকত ঘিলামৰাৰ দুখন বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণঃ ঢকুৱাখনাৰ ভিতৰত প্ৰথম শ্ৰেষ্ঠা এম বৰুৱা...

ডিজিটেল সংবাদ, ঘিলামৰাঃ আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ঘিলামৰা পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত দুখন বিদ্যালয়ে পূৰ্বৰ গৌৰৱ অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে। ঘোষিত ফলাফল অনুসৰি ঘিলামৰা শংকৰদেৱ শিশু নিকেতনৰ ৪৫ জন পৰীক্ষাৰ্থীৰ ১২ জনে ডিষ্টিংচন, ১৩ জনৰ ষ্টাৰ নম্বৰসহ ১৩ জনে প্ৰথম বিভাগ আৰু ৭ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে শ্ৰেষ্ঠা এম বৰুৱা নামৰ ছাত্ৰী গৰাকীয়ে ঢকুৱাখনাৰ ভিতৰতে সৰ্বাধিক ৯৫. ৮৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ঘিলামৰা ৰাইদঙ্গীয়া গাঁৱৰ মৃদুল বৰুৱা আৰু জ্যোতি দত্ত বৰুৱাৰ কন্যা হৈছে শ্ৰেষ্ঠা।

Advertisment

আনহাতে ঘিলামৰা জাতীয় বিদ্যালয়ৰ পৰা অৱত্তীৰ্ণ হোৱা ১৬ জন পৰীক্ষাৰ্থীৰ ভিতৰত দুগৰাকীৰ ষ্টাৰ মাৰ্কসহ প্ৰথম বিভাগত ৮ গৰাকী আৰু দ্বিতীয় বিভাগত ৬ গৰাকী উত্তীৰ্ণ হয়। এই দুখন বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱত্তীৰ্ণ হোৱা ১১৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত দুজনে ডিষ্টিংচন, ২৪ জনে ষ্টাৰ, ৪৮ জনে প্ৰথম বিভাগত, ৩১ জনে দ্বিতীয় বিভাগত আৰু ৩ জনে তৃতীয় বিভাগত উৰ্ত্তীণ হয়। উত্তীৰ্ণৰ হাৰ ৯৩.৯৬ শতাংশ। ঘিলামৰা কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱত্তীৰ্ণ হোৱা ৫০ জন পৰীক্ষাৰ্থীৰ ভিতৰত এজনৰ ষ্টাৰমাৰ্ক, ১১ জনে প্ৰথম বিভাগত, ২০ জনে দ্বিতীয় বিভাগত আৰু ১৫ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৯২ শতাংশ।

ঢকুৱাখনা ঘিলামৰা