আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা...

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪,৩৮,৫৬৫ শিক্ষাৰ্থী। পুৱা ৯ বজাৰ পৰা আৰম্ভ  এই পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ নতুন নিয়ম অনুসৰি এইবাৰৰ অনুষ্ঠিত হ’ব পৰীক্ষা। 

author-image
Asomiya Pratidin
New Update
ujjjd
  • আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।
  • এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪,৩৮,৫৬৫ শিক্ষাৰ্থী।
  • পুৱা ৯ বজাৰ পৰা আৰম্ভ  এই পৰীক্ষা।
  • অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ নতুন নিয়ম অনুসৰি এইবাৰৰ অনুষ্ঠিত হ’ব পৰীক্ষা। 
  • ইয়াৰে ১,৯০,২৪৩ জন ছাত্ৰ, ২,৪৮,৩২২ গৰাকী ছাত্ৰী।
  • ১,০৪৬টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। 
  • উল্লেখ্য যে বিগত বৰ্ষতকৈ এইবাৰে বৃদ্ধি পাইছে পৰীক্ষাৰ্থীৰ সংখ্যা।
  • বিগত বৰ্ষত ৰাজ্যত ৯৪৪টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।
  • ১০ ফেব্ৰুৱাৰীৰ পুৱা মাতৃভাষা, ১৩ ফেব্ৰুৱাৰীৰ পুৱা সমাজ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব।
  •  ১৪ ফেব্ৰুৱাৰীৰ পুৱা ঐশ্চিক বিষয়ৰ সংগীত, নৃত্য, উদ ক্ৰাফ্ট আৰু হোম ছাউন্সৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
  • হাইস্কুল শিক্ষান্ত পৰীক্ষা উপলক্ষে আজি পুৱাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাহিৰত দেখা গৈছে অভিভাৱকৰ ভিৰ।
হাইস্কুল শিক্ষান্ত পৰীক্ষা