সামাজিক মাধ্যমত ভাইৰেল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰাসায়নিক বিজ্ঞানৰ প্ৰশ্ন কাকত!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক গুৰুত্বপূৰ্ণ পোষ্ট কৰিছে তেওঁৰ ফেচবুক একাউন্টৰ জৰিয়তে। শিক্ষামন্ত্ৰীগৰাকীৰো দৃষ্টিগোচৰ হৈছে এই ৰাসায়ন বিজ্ঞানৰ ভাইৰেল হোৱা প্ৰশ্ন কাকতখন।

author-image
Asomiya Pratidin
New Update
SDFSF

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰাসায়নিক বিজ্ঞানৰ প্ৰশ্ন কাকত। ২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা এই বিষয়ক প্ৰশ্ন কাকত ফাদিল হৈছে নেকি বুলি বহুতৰ মনত প্ৰশ্ন উদয় হৈছে। কিয়নো ইয়াৰ পূৰ্বেও এনে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ নজিৰ আছে।

এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক গুৰুত্বপূৰ্ণ পোষ্ট কৰিছে তেওঁৰ ফেচবুক একাউন্টৰ জৰিয়তে। শিক্ষামন্ত্ৰীগৰাকীৰো দৃষ্টিগোচৰ হৈছে এই ৰাসায়ন বিজ্ঞানৰ ভাইৰেল হোৱা প্ৰশ্ন কাকতখন।মন্ত্ৰী পেগুৱে জানিবলৈ দিয়া মতে, যিখন প্ৰশ্ন কাকত ভাইৰেল হৈ আছে সেইখন গুলপীয়া ৰঙৰ কাগজত ছপা কৰা।

মন্ত্ৰীজনে জানিবলৈ দিয়া মতে মূল প্ৰশ্ন কাকতখন গুলপীয়া বৰণৰে নহয়। তেওঁ লগতে সদৰি কৰিছে যে এয়া কোনো লোকে চলোৱা অপপ্ৰচাৰ।

উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা