/asomiyapratidin/media/media_files/2025/04/05/iQpQQAe3AuWrTgzw8AQc.jpg)
প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰীয়ে
ডিজিটেল সংবাদ, বিশ্বনাথ: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, "দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতিমূলকভাৱে যাতে একাদশ শ্ৰেণীৰ পৰীক্ষাতো হয় তাৰ বাবে বৰ্ডে চেষ্টা চলাইছিল। কিন্তু প্ৰশ্নকাকত ফাদিল কেইখনমান বিদ্যালয়ৰ পৰাই হৈছিল। এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল, গতিকে ১৫ মেৰ আগত পঞ্চায়ত নিৰ্বাচনৰ বাবে পৰীক্ষা পতা সম্ভৱ নহয়। আনহাতে পিছত পৰীক্ষা হ’লে পলম হৈ যাব। সেয়ে বিদ্যালয় সমূহক কৰ্তৃত্ব দিয়া হৈছে যে, যিকেইটা পৰীক্ষা অনুষ্ঠিত নহ'ল সেইকেইটা পৰীক্ষাৰ নম্বৰ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ ইউনিট টেষ্ট বা ছয়মহীয়া পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নম্বৰ প্ৰদান কৰিব আৰু ছাত্ৰছাত্ৰী সকলে দ্বাদশ শ্ৰেণীত নাম ভৰ্ত্তি কৰিব পাৰিব বুলি" মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷
আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিশ্বনাথৰ প্ৰভাৰী হিচাপে দায়িত্ব লাভ কৰি শুকুৰাৰে নিশা বিশ্বনাথত উপস্থিত হৈছিল মন্ত্ৰী ৰনোজ পেগু। বিশ্বনাথ জিলাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীৰ লগত এক বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী৷ ইফালে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে, "ৰাভা হাচং স্বায়ত্ব শাসনৰ ফলাফলৰ দৰে পঞ্চায়ত নিবাৰ্চনৰ ফলাফলো ভাল হ'ব ৷ বিশ্বনাথত কি হ'ব সেয়া আজিয়েই কৈ নিদিওঁ" বুলি উল্লেখ কৰে। লগতে "মিত্ৰদলকো চিট দিয়া হ’ব, মিত্ৰদলক লৈ একেলগে নিৰ্বাচন খেলিব" বুলি মন্তব্য কৰে মন্ত্ৰী ডা০ ৰণোজ পেগুৱে।