পৰিচালক ঋতুপর্ণ দাসৰ 'কুৰুক্ষেত্র' ২২টা ভাৰতীয় ভাষালৈ অনুবাদ...

আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানত অসমীয়া নাটক...

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

অগ্ৰণী খবৰ

ডিজিটেল সংবাদ,গুৱাহাটী: অসমৰ এগৰাকী প্রতিভাধৰ নাট্যকাৰ-পৰিচালক ঋতুপর্ণ দাসৰ নাট 'কুৰুক্ষেত্র' ভাৰতৰ ২২টা আঞ্চলিক ভাষালৈ অনুবাদ কৰা হৈছে। আকাশবাণীৰ ৰাষ্ট্ৰীয় নাট প্ৰচাৰণৰ অনুষ্ঠান 'অখিল ভাৰতীয় নাট্যানুষ্ঠান'ত অহা ১৭ নবেম্বৰ, দেওবাৰে নিশা ৯.৩০ বজাত অসমীয়া নাট 'কুৰুক্ষেত্র' নতুন দিল্লীৰ পৰা হিন্দী ভাষা আৰু ভাৰতবৰ্ষৰ ৫৯১টা আকাশবাণী কেন্দ্ৰৰ পৰা অন্যান্য ২১ টা আঞ্চলিক ভাষাত একে সময়তে প্রচাৰ হ'ব।

Advertisment

পূর্বে আকাশবাণী গুৱাহাটী কেন্দ্রযোগে প্ৰচাৰিত ৪৫ মিনিট দৈর্ঘ্যৰ নাটখনি 'অখিল ভাৰতীয় নাট্যানুষ্ঠান'ৰ বাবে ৩০ মিনিট দৈর্ঘ্যৰ কৰা হৈছে। নাটখনি অসমীয়াৰ পৰা হিন্দী ভাষালৈ অনুবাদ কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, অভিনেত্রী-পৰিচালক দক্ষিণা শৰ্মাই। হিন্দী ৰূপৰ অনাতাঁৰ অভিযোজনা আকাশবাণীৰ নতুন দিল্লীস্থিত সঞ্চালকালয়ৰ কেন্দ্ৰীয় নটি শাখাৰ মুৰব্বী তথা নাট্যকাৰ-অনুবাদক বিনোদ কুমাৰৰ।

হিন্দী ভাষাত নাটখনৰ নতুন ৰূপৰ নামকৰণ কৰা হৈছে 'অপ্‌না অপ্‌না কুৰুক্ষেত্র'। অসমীয়াত নাটখন 'নিজা নিজা কুৰুক্ষেত্র' নামেৰে প্ৰচাৰ হ'ব। ২০২১ চনৰ ৮ মাৰ্চত নাটখনৰ প্ৰথম প্ৰচাৰ হৈছিল। ইয়াত অভিনয় কৰিছিল তপন দাস, মলয়া গোস্বামী, অবিনাশ শর্মা, স্নিগ্ধা গগৈ আৰু মমী বৰাই। নাটৰ সঙ্গীত অভিজিৎ বৰ্মনৰ।

মহাভাৰতৰ কুৰুক্ষেত্র যুদ্ধত শৰশৰ্য্যাত পৰি থকা পিতামহ ভীষ্ম আৰু হস্তিনাপুৰৰ ৰাজমাতা সত্যৱতীৰ কাল্পনিক যুক্তি-তর্কৰ ভেটিত নাটখন ৰচিত হৈছে। এই নাটখনে মহাকাব্যিক চৰিত্র দুটিক নতুন দৃষ্টিকোণেৰে চোৱাৰ এটি বাট মুকলি কৰে। অসমীয়াত এই নাটখনিৰ সম্পাদিত ৰূপ সেইনিশা প্রচাৰ হ'ব। উল্লেখ্য যে বহু বছৰৰ পাছত এখন অসমীয়া নাট আকাশবাণীৰ ৰাষ্ট্ৰীয় প্ৰচাৰণৰ অন্তৰ্ভুক্ত হৈছে।

ইয়াৰ পূর্বে যোগেশ দাস, মহেন্দ্র বৰঠাকুৰ, অৰুণ শৰ্মা, ড০ ভবেন্দ্র নাথ শইকীয়া আৰু সপোনজ্যোতি ঠাকুৰৰ নাট এই অনুষ্ঠানত প্ৰচাৰ হৈছিল। খুব কম সংখ্যক নাটকেৰে অসমৰ নাট্যক্ষেত্ৰত এটি নিজা স্থিতি গ্রহণ কৰা নাট্যকাৰ ঋতুপর্ণ দাসৰ নটি আকাশবাণীৰ ৰাষ্ট্ৰীয় প্রচাৰণত অন্তর্ভুক্ত হোৱাৰ খবৰে অসমৰ নাট্যক্ষেত্ৰৰ সকলোকে আনন্দিত কৰিছে।

Also Read: ৪০লাখ টকাৰ কিতাপ বিক্ৰীৰে দুলীয়াজান গ্ৰন্থমেলাৰ সফল সামৰণি...

Hrituparna das Kurukhetra