/asomiyapratidin/media/media_files/2025/10/10/ujjjdd-2025-10-10-00-06-11.jpg)
ডিজিটেল সংবাদ, গহপুৰ: বিশ্বনাথ জিলাৰ তদানীন্তন জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ মাটি নামজাৰিৰ এটা বিতৰ্কিত হুকুমে এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে গহপুৰ নগৰত।গহপুৰ নগৰৰ কুকুৰজান গাঁৱৰ ৰাধ্যেশ্যাম চাহুৰ পৰিয়ালটোৰ নামত থকা ১০২ নং ম্যাদী পট্টাৰ ৬০ বিঘা ১১ লোচা মাটিৰ তপশীলৰ পৰা "চাহু" পৰিয়ালৰ পট্টাদাৰ শিৱচন তেলি,গোপালচন তেলি,গোলাপ চন্দ্ৰ চাহু,কিচন প্ৰসাদ চাহু,বিজয় চাহু,ৰাধ্যেশ্যাম চাহু,ৰবীন চাহু,প্ৰবীণ চাহু,কেচেৰী চাহু আৰু নন্দ চাহুৰ নামজাৰি কৰ্তন কৰি তেজ মঙহৰ কোনো সম্পৰ্ক নথকা আন এটা পৰিয়ালৰ নামত উক্ত তপশীলৰ সমূদায় মাটি একে নিশাৰ ভিতৰত নথিভুক্ত কৰাৰ পিছত উক্ত বিবাদমাণ ভূমিৰ এটুকুৰা ঠাইত এতিয়া ঘৰ বনাবলৈ আৰম্ভ কৰিছে নতুনকৈ নথিভুক্ত হোৱা পৰিয়ালটোৰ একাংশ সদস্যই।উক্ত মাটিৰ নন্দ চাহুৰ ঘৰৰ পিছফালে দিনে নিশাই টিনৰ চালি দি গৃহ নিৰ্মাণত নমা নতুনকৈ নথিভুক্ত স্থানীয় এটা "গগৈ" পৰিয়ালৰ একাংশ সদস্যই গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে।
এক যুদ্ধংদেহী মনোভাৱেৰে "চাহু" পৰিয়ালৰ ম্যাদী পট্টাৰ ভূমিত ঘৰ সজাক কেন্দ্ৰ কৰি এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।উক্ত তপশীলৰ মাটিৰ চক্ৰ বিষয়াই কৰা আপত্তিজনক নামজাৰিৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিৰ ভয়াবহতা দেখি বহুতেই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ, নিকা আৰু স্বচ্ছ প্ৰশাসন এয়াই নেকি বুলিও প্ৰশ্ন উথাপন কৰিবলৈ বাধ্য হৈছে।তদুপৰি তদানীন্তন জিলা আয়ুক্ত আৰু গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ ভুল আৰু একপক্ষীয় পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সচেতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।
প্ৰশাসনিক বিষয়া দুগৰাকীৰ সম্পূৰ্ণ ভুল আৰু চক্ৰান্তমূলক সিদ্ধান্তৰ বাবেই এতিয়া গহপুৰ নগৰৰ স্বাভাৱিক পৰিৱেশ বিনষ্ট হোৱা বুলিও মন্তব্য কৰিছে সচেতন ৰাইজে।এই বিষয়টোৰ বিৰুদ্ধে কালি গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিঙক লিখিত অভিযোগ দাখিল কৰিছে ৰাধেশ্যাম চাহু আৰু তেওঁৰ ভুক্তভোগী পৰিয়ালে।ইয়াৰ উপৰিও বিশ্বনাথ জিলাৰ বৰ্তমানৰ আয়ুক্ত সীমান্ত কুমাৰ দাসৰ হাততো ইতিমধ্যে লিখিত অভিযোগ দাখিল কৰিছে "চাহু" পৰিয়ালে।
ইপিনে তদানীন্তন জিলা আয়ুক্তৰ বিতৰ্কিত হুকুমটোৰ পিছত গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষ ভড়ালীয়ে ৰাধেশ্যাম চাহু আৰু তেওঁলোকৰ পৰিয়ালৰ নাম উক্ত তপশীলৰ পৰা কৰ্তন কৰি স্থানীয় এটা "গগৈ" পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰাৰ আপত্তিজনক বিষয়টোৰ ওপৰত উপযুক্ত ন্যায় বিচাৰি আজি মেইল যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তথ্য সহকাৰে এখন আবেদন প্ৰেৰণ কৰে ৰাধেশ্যাম চাহুৱে।আবেদনখনত কোৱা হয় যে গহপুৰ মৌজাৰ কুকুৰজান গাঁৱৰ বংশানুক্রম অনুসৰি তেওঁলোকৰ পৰিয়ালৰ নামত এজমালী ম্যাদি পট্টা চলি থকা ১০২ নং ম্যাদি পট্টাৰ ৩০৩, ৩০৬, ৩১০, ৩৪৯, ৩৫৩ আৰু ৩৬৫ নং দাগৰ ৬০ বিঘা ১১ লোচা মাটি অতি চক্রান্তমূলক ভাবে তেওঁলোকক অন্ধকাৰত ৰাখি তেওঁলোকৰ লগত তেজ মঙহৰ কোনো সম্পর্ক নথকা আন এটা পৰিয়ালৰ নামত নামজাৰি কৰি দিয়ে গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষ ভড়ালীয়ে।
এইক্ষেত্রত বিশ্বনাথ জিলাৰ তদানীন্তন জিলা আয়ুক্ত মুনীন্দ্র নাথ ঙাটেই ১৪/০৭/২০২৫(নং:-বি এল এচ ১৯/২০২৩/৬০) তাৰিখে গহপুৰ ৰাজহ চক্র বিষয়াক দি থৈ যোৱা এটা পৰিকল্পিত হুকুমৰ ভিত্তিত ০৫/০৯/২০২৫ তাৰিখে উক্ত তপশীলৰ মাটিত তেওঁলোকৰ নাম কৰ্তন কৰি সম্পূৰ্ণ নীতিবিৰুদ্ধ ভাবে বলিন গগৈ, মিন্টু গগৈ, দিলীপ গগৈ আৰু বাবুল গগৈৰ নামত নামজাৰি কৰি দিয়ে গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনিষ ভৰালীয়ে।আবেদনখনত আৰু কোৱা হয় যে উক্ত তপশীলৰ মাটিৰ বিপৰীতে ১৯৭৬ চনৰ খেৰাজ ম্যাদি পট্টাৰ পৰা আৰম্ভ কৰি সদৰ ড্ৰাফ ছিটা জমাবন্দী, ছিঠা বহী আৰু জৰীপ হোৱা গাঁৱৰ জমাবন্দীলৈকে সকলো চৰকাৰী নথিত অনাদিকালৰ পৰা তেওঁলোকৰ পৰিয়ালৰ নাম বংশানুক্ৰম অনুসৰি সত্য-শুদ্ধ ভাবে নথিভূক্ত হৈ আছে।
তদুপৰি উক্ত তপশীলৰ মাটিৰ বিপৰীতে সেই সময়ৰ বিশ্বনাথ জিলা আয়ুক্তই হুকুম দিবলগীয়া হোৱাকৈ কোনো ধৰণৰ গোচৰ কিম্বা শুনানি হোৱা নাছিল। তেনে ক্ষেত্ৰত তেওঁলোকৰ অজ্ঞাতে উক্ত হুকুম দি চক্রান্তমূলক ভাবে তেওঁলোকক ভূমিহীন কৰি তোলাৰ দৰে কাৰ্য সম্পাদন কৰাত তেওঁলোকে আশ্বৰ্য্য প্ৰকাশ কৰিছে।সেইবাবে এই বিষয়টোৰ ক্ষেত্ৰত এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পৰা উপযুক্ত ন্যায় পোৱাৰ আশা কৰাৰ বিষয়ে আবেদনখনত উল্লেখ কৰিছে ৰাধেশ্যাম চাহুৱে।আবেদনৰ লগত উক্ত তপশীলৰ মাটিত অনাদিকালৰ পৰা তেওঁলোকৰ নাম বংশানুক্ৰম অনুসৰি নথিভুক্ত হৈ থকাৰ উপযুক্ত চৰকাৰী তথ্য গাঁঠি দিয়া হৈছে।
ইপিনে জিলা আয়ুক্তৰ হুকুমটো চক্ৰ বিষয়া মনীষ ভড়ালীয়ে বলপূৰ্বক ভাবে কাৰ্য্যকৰী কৰাৰ পিছত ৰাধেশ্যাম চাহুৰ পৰিয়ালে গহপুৰ মুনচীফ আদালতত এইক্ষেত্ৰত এক উপযুক্ত ন্যায় পোৱাৰ আশাত ২৩/২০২৫ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছে।তদুপৰি গহপুৰ সমজিলাৰ আয়ুক্তৰ কাৰ্য্যলয়ত তেওঁলোকে ১৩/২০২৫ নম্বৰত আন এটা গোচৰ তৰি উক্ত তপশীলৰ বিবাদমান ভূমিত দুই পক্ষৰ নিৰ্মাণ কাৰ্য্য বন্ধ কৰিবৰ বাবে প্ৰাৰ্থনা জনাইছে।ইপিনে বিশ্বনাথৰ তদানীন্তন জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ দ্বাৰা স্বাক্ষৰিত উক্ত বিতৰ্কিত মাটি নামজাৰিৰ হুকুমটো বাতিল কৰিবলৈ অসম ৰাজহ ব'ৰ্ডটো আপীল কৰিছে চাহু পৰিয়ালে।
গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপুখুৰী প্ৰাথমিক বিদ্যালয়, গহপুৰ শিৱ মন্দিৰকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ বিঘাই বিঘাই মাটি দান দি থোৱা উক্ত পৰিয়ালটোৰ বিৰুদ্ধে তদানীন্তন জিলা আয়ুক্ত গৰাকীয়ে কৰা ঘোৰ অন্যায়ক কঠোৰ ভাষাৰে গৰিহণা দিছে স্থানীয় ৰাইজে।উল্লেখযোগ্য যে-জিলা আয়ুক্তই দিয়া হুকুমটোত উল্লেখ থকা উক্ত তপশীলৰ মাটিৰ সম্পৰ্কে কোনো ধৰণৰ গোচৰ চলা নাছিল বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্য্যলয়ত।তৎসত্বেও হুকুমটোত কোৱা হয় যে শুনানীৰ সময়ত কোনোধৰণৰ বৈধ্য নথি-পত্ৰ দেখুৱাব নোৱাৰিলে পট্টাদাৰসকলে।
তদুপৰি হুকুমটোত আৰু উল্লেখ কৰি তেওঁলোকৰ অৰ্থাৎ চাহু পৰিয়ালৰ পট্টাদাৰ সকলৰ নামজাৰি নাকচ কৰি পুৰণি ৫০ নং পট্টাৰ প্ৰকৃত পট্টাদাৰৰ নাম নথিভুক্ত কৰিবলৈ কোৱা হৈছে যদিও চাহু পৰিয়ালে জানিবলৈ দিয়া মতে ১০২ নং পট্টাৰ পুৰণি পট্টা নম্বৰ ৫০ নহয়।সম্পূৰ্ণ ভুল তথ্যৰে এটা পৰিকল্পিত হুকুম তৈয়াৰ কৰি তেওঁলোকক অযথা হাৰাশাস্তি কৰাৰ আঁৰত কি ষড়যন্ত্ৰ লুকাই আছে তাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।
খোদ প্ৰশাসনৰ ওচৰতেই মাটি সম্পত্তিৰ নিৰাপত্তা নোহোৱা হোৱা বিষয়টো অতি চিন্তনীয় আৰু স্পৰ্শকাতৰ বুলি মন্তব্য কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।জানিব পৰামতে-জিলা আয়ুক্তৰ বিতৰ্কিত হুকুমটো কাৰ্য্যকৰী কৰি এতিয়া যথেষ্ট সমস্যাত পৰিবলগীয়া হৈছে চক্ৰ বিষয়া মনীষ ভড়ালী।ওপৰৱালাৰ হুকুম মানিবলৈ গৈ নিজৰ বিবেক বন্ধকত থবলগীয়া হোৱাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হোৱা চক্ৰ বিষয়াগৰাকীয়ে এতিয়া ভুক্তভোগী পৰিয়ালটোক কেনেদৰে ন্যায় প্ৰদান কৰিব সেয়া হৈ পৰিছে লাখটকীয়া প্ৰশ্ন।বিবেকৰ বিৰুদ্ধে যে গৈ চক্ৰ বিষয়াগৰাকীয়ে উক্ত হুকুম কাৰ্য্যকৰী কৰিবলগীয়া হ'ল সেই কথা তেওঁৰ বক্তব্যত স্পষ্ট হৈ পৰিছে।ভূমি আৰু ৰাজহ বিভাগৰ সংৰক্ষিত হৈ থকা চৰকাৰী নথিত উক্ত তপশীলৰ মাটিৰ প্ৰকৃত পট্টাদাৰ যে ৰাধেশ্যাম চাহুৰ পৰিয়াল সেই কথা জলজল পটপট হৈ আছে।
লক্ষণীয় কথা এয়ে যে-হেলেম মৌজাৰ বালিগাঁৱৰ এটা খিলঞ্জীয়া গোৰ্খা সম্প্ৰদায়ৰ পৰিয়ালক মুনীন্দ্ৰ নাথ ঙাটেই ফোন যোগে উচ্ছেদৰ ভাবুকি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তুমুল বিতৰ্কৰ পিছত তাৎক্ষণিক ভাবে বিশ্বনাথৰ পৰা ডিমা হাছাওলৈ বদলিৰ নিৰ্দেশ অহাৰ পিছদিনা অৰ্থাৎ ১৪/০৭/২০২৫ তাৰিখে তেওঁ খৰখেদাকৈ লিখি থৈ গৈছিল উক্ত হুকুমটো।
উল্লেখযোগ্য যে-১৯৭৬ চনত অসম চৰকাৰৰ ৰাজহ বিভাগে দিয়া ভূমি বন্দোবস্তিৰ সময়ত তেতিয়াৰ অবিভক্ত শোণিতপুৰ জিলাৰ জিলা প্ৰাধিকাৰী ও চেটেলমেণ্ট অফিচাৰে উক্ত তপশীলৰ মাটিৰ খেৰাজ ম্যাদী পট্টা(১০২নং) প্ৰদান কৰিছিল চাহু পৰিয়ালক।তেতিয়াৰ পৰা প্ৰায় ৪৯ বছৰ ধৰি বংশানুক্ৰম অনুসৰি উক্ত ম্যাদী মাটিৰ নিয়মিত ভাবে চৰকাৰী ৰাজহ আদায় দি ভোগ দখল কৰি আহিছে উক্ত পৰিয়ালটোৱে।অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ন্যায় ব্যৱস্থাই ভুক্তভোগী পৰিয়ালটোৰ পক্ষে কেনেধৰণৰ ৰায় প্ৰদান কৰে তাৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে স্থানীয় সচেতন ৰাইজে।