HR Conclave ৫.০ত “Recruitment ৫.০” আৰু AI-চালিত Talent Acquisition-ৰ ভবিষ্যতক লৈ বিস্তৃত আলোচনা

প্ৰথমখন সত্ৰৰ আৰম্ভণিত আলোচকসকলে পৰস্পৰৰ সৈতে মতবিনিময় কৰে আৰু একেলগে চাহমেলত বহে। তাৰ পিছত আনুষ্ঠানিকভাৱে আৰম্ভণি হয় বন্তি প্ৰজ্জ্বলনকে ধৰি উদ্বোধনী ভাষণ, আদৰণি ভাষণ আৰু চিন্তন বৈঠক।

author-image
Asomiya Pratidin
New Update
272

ডিজিটেল সংবাদ, গুৱাহাটী : বহু প্রতীক্ষিত HR Conclave 5.0-এ HR, শিল্পক্ষেত্ৰৰ নেতৃত্বস্থানীয় ব্যক্তিত্ব, কৌশলবিদ আৰু প্ৰযুক্তিগত উদ্ভাৱকসকলক এটি দিনজোৰা আলোচনা চক্ৰৰ আয়োজন কৰে। আলোচনা চক্ৰত এই বৰ্ষৰ বিষয়বস্তু আছিল- Recruitment 5.0: AI and Automation Redefining Talent Acquisition।

WhatsApp Image 2025-11-22 at 4.07.29 PM (1)

ই কিদৰে Artificial Intelligence আৰু Automation-এ কর্মসংস্থান, দক্ষতা বিকাশ, আৰু HR-ৰ ভূমিকা পুনৰ্নিৰ্মাণ কৰি আছে, সেই বিষয়ে আলোচনা চক্ৰত গভীৰ আলোকপাত কৰা হয়। উল্লেখযোগ্য যে, নিবন্ধন আৰু Networking Tea-ৰে এই আলোচনাৰ আৰম্ভ কৰা হয়। 

প্ৰথমখন সত্ৰৰ আৰম্ভণিত আলোচকসকলে পৰস্পৰৰ সৈতে মতবিনিময় কৰে আৰু একেলগে চাহমেলত বহে। তাৰ পিছত আনুষ্ঠানিকভাৱে আৰম্ভণি হয় বন্তি প্ৰজ্জ্বলনকে ধৰি উদ্বোধনী ভাষণ, আদৰণি ভাষণ আৰু চিন্তন বৈঠক।

আলোচনা চক্ৰৰ প্ৰথম সত্ৰত AI-ভিত্তিক Upskilling আৰু ভবিষ্যতৰ Employability-ৰ ওপৰত আলোকপাত কৰা হয়। এই সত্ৰত কেইবাগৰাকী আলোচক উপস্থিত থাকি বিষয় সম্পৰ্কত আলোকপাত কৰে। তেওঁলোক হৈছে- আশিষ বাঙ্কা, গ্লোবেল লীড,ৰাজেন্দ্ৰ লিংগৱাল, উপ-সভাপতি – HR, Persistent Systems,• মুস্তাফা কামাল লস্কৰ, কৰ্প’ৰেট HR মুৰব্বী, অঞ্জন পাঠক, CTO, Vantage Circle,• নন্দিনী বসু পাল, Director – HR Business, LTI Mindtree, সুব্বা গোনেল্লা, গ্লোবেল ডিভিছনেল মেনেজাৰ – HR, Rakuten Symphony।

WhatsApp Image 2025-11-22 at 4.07.29 PM

আনহাতে দ্বিতীয় সত্ৰৰ বিষয়বস্তু আছিল : Recruitment 5.0 – AI and Automation Redefining Talent Acquisition। এই সত্ৰত The Future Role of HR in an AI-Driven Recruitment Eraৰ সম্পৰ্কত পুংখানুপুংখকৈ আলোচনা কৰা হয়। 

দ্বিতীয় সত্ৰতো ভালেকেইগৰাকী আলোচকে অংশ লয়। তেওঁলোক হৈছে-• প্ৰভাঞ্জন প্রসূন, জ্যেষ্ঠ প্ৰবন্ধক•, প্ৰিয়ংকা সিন্‌হা, মনোজ কে. প্রসাদ, উপ-সভাপতি Reliance Industries Ltd, জগদম্বা বি,• অভিষেক অৰুণ HR, HDFC Bank Ltd, লেংডন ৰাজখোৱা, প্ৰবন্ধক, Marico Ltd।

WhatsApp Image 2025-11-22 at 4.07.30 PM

অনুষ্ঠানত উপস্থিত থকা সন্মানীয় উপাচাৰ্য ড০ এন. চি. তালুকদাৰ এই Conclaveৰ গুৰুত্বৰ ওপৰত মন্তব্য কৰি কয়— “HR Conclave 5.0 হৈছে আমাৰ শিক্ষাৰ্থীসকলক আগতীয়াকৈ সময়ৰ বাবে প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতি। AI-এ সকলো ক্ষেত্ৰ পৰিৱর্তন কৰোতে শিল্পসংস্থা আৰু শিক্ষাপ্ৰতিষ্ঠানসমূহে একেলগে কাম কৰাটো অত্যন্ত প্ৰয়োজনীয়।”

আনহাতে ড০ ৰিমঝিম বৰুৱা বৰাই কয়— “এই Conclave কেৱল আলোচনাৰ মঞ্চ নহয়; ই শিক্ষাৰ্থী, পেচাদাৰী আৰু সংস্থাসকলৰ মাজত দক্ষতা আৰু Employability-ৰ সেতু। আজিৰ আলোচনা HR-ক্ষেত্ৰত ডিজিটেল ৰূপান্তৰক গতি প্ৰদান কৰিব।”

উল্লেখযোগ্য যে, আলোচনা চক্ৰৰ শেষত অভ্যাগতসকলক সম্বৰ্ধনা জনোৱা হয়। তাৰ পিছতেই অনুষ্ঠিত হয় HR Award Ceremony। য’ত HR-ক্ষেত্ৰত অৱদান থকা ব্যক্তিসকলক সন্মানিত কৰা হয়।

আলোচনা চক্ৰ