/asomiyapratidin/media/media_files/2025/11/25/2-2025-11-25-20-26-05.jpg)
ডিডিটেল সংবাদ,হাওৰাঘাটঃ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশৰ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, কাৰ্বি আংলং জিলা উদ্যোক্তা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । হাওৰাঘাট ইংৰাজী মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাৰ্বি আংলং জিলাৰ কেইবাটাও উন্নয়ন খণ্ডই অংশগ্ৰহণ কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-11-25-20-26-32.jpeg)
উল্লেখ্য যে জিলা পৰ্যায়ত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত বিভিন্ন খণ্ডৰ পৰা নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী সকলে বিজ্ঞান ভিত্তিক বিজ্ঞানৰ আৰ্হি নিৰ্মাণ , আকস্মিক বক্তৃতা আৰু ধাৰণা প্ৰতিযোগিতাত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰে । হাওৰাঘাট খণ্ডৰ সমন্বয়ক প্ৰবীণ নাথে আঁত ধৰা সভাত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্তই । ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানমুখী শিক্ষা আহৰণ কৰিবলৈ মহন্তই আহ্বান জনোৱাৰ লগতে আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা দিয়া শিক্ষা জ্ঞানে মানৱ সমাজৰ পৰা কু-সংস্কাৰ দূৰ কৰিব বুলি মন্তব্য কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-11-25-20-26-55.jpeg)
প্ৰাণিধানযোগ্য যে, সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, কাৰ্বি আংলং জিলাৰ জিলা সমন্বয়ক ভৱানন্দ খাখলাৰীৰ লগতে কৃষ্ণ ৰাজবংশী, পংকজ শইকীয়া, ব্ৰজেন তিমুং, ৰলেয়চন ফাংছ', সুখদেৱ চুববা, মৃদুপবন বৰগোহাঁই আদি। ইপিনে বিজ্ঞান ভিত্তিক বিষয়ৰ প্ৰতিযোগিতাৰ পৰা প্ৰথম আৰু দ্বিতীয় মুঠ দহগৰাকী বিজয়ী প্ৰতিযোগীক পৰৱৰ্তী সময়ত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us