/asomiyapratidin/media/media_files/2025/11/20/whatsapp-image-2025-2025-11-20-20-01-52.jpeg)
ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষাৰ অন্তত হাউলী ৰাসৰ বৰঙণি পত্ৰ খেলৰ ফলাফল ঘোষণা। এইবাৰ ব্যতিক্ৰম ৰূপত অনুষ্ঠিত হৈছিল ভাগ্য নিৰ্ণয়ৰ খেল। লটাৰীৰ সলনি অনুষ্ঠিত কৰিছিল ‘বৰঙণি পত্ৰ’। এইবাৰ হাউলীৰ হাউলী ৰাস মহোৎসৱে আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে এই বৰঙণি পত্ৰ’ আগবঢ়াইছি। এই ‘বৰঙণি পত্ৰ’ৰ মূল্য ৰখা হৈছিল ১০০ টকা।
উল্লেখ্য যে, খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিলে পুঠিমাৰীৰ এজন যুৱকে। মাত্ৰ ১০০ টকাতে উজলিল পাছপাৰা গাঁওৰ পুলকেশ কাকতিৰ ভাগ্য।
তাৰোপৰি , ৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে অনুষ্ঠিত বৰঙণি পত্ৰ খেলৰ ফলাফল । হাউলী ৰাসত অনুষ্ঠিত এই খেলত মাত্ৰ এটা টিকট ক্ৰয় কৰি প্ৰথম পুৰস্কাৰ ডিফেণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ল যুৱকজনে। হাউলী ৰাস মহোৎসৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বৰঙণি পত্ৰ খেলৰ দ্বিতীয় উপহাৰ Toyota Fortuner লাভ কৰিছে ৪৩৩৮৮১ নম্বৰে আৰু তৃতীয় উপহাৰ Toyota Innova Crysta পাইছে ৬১৯৭৩০ নম্বৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us