/asomiyapratidin/media/media_files/2026/01/16/639-2026-01-16-08-29-17.jpg)
ডিজিটেল ডেস্ক :ছিংগাপুৰৰ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জুবিন গাৰ্গৰ খুড়াক মনোজ বৰঠাকুৰে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ স্বাস্থ্যজনিত কাৰণত ছিংগাপুৰলৈ যাব নোৱাৰাত খুড়াক মনোজ বৰঠাকুৰ উপস্থিত থাকে আদালতত। লগত উপস্থিত থাকে ৰাহুল গৌতম শৰ্মা। আচলতে ছিংগাপুৰৰ আদালতত কেনেধৰণে চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত। সেই সম্পৰ্কে বিস্তাৰিতভাৱে জনাইছে মনোজ বৰঠাকুৰে।
বৰঠাকুৰে লিখা সেই পোষ্টো তলত হুবহু প্ৰকাশ কৰা হ’ল-
লেজাৰাচ আইলেণ্ডৰ ওচৰত সংঘটিত ৰহস্যাবৃত ঘটনাত গল্ডীৰ(জুবিন গাৰ্গ)ৰ অকাল বিয়োগ ঘটিল। অভূতপূৰ্ব খং, ক্ষোভ, হতাশা আৰু বুকুভৰা দুঃখৰ প্ৰৱল জোকাৰণিত বৰ অসমত পুণৰ এবাৰ বৰ ভূইকঁপ হ’ল ।
প্ৰাণস্পণ্দণৰ অসহনীয় এই মৃত্যুৰ প্ৰতিবাদত বা ইয়াৰ স্পষ্ট কাৰণ বিচাৰি অসমৰ উপৰি চিংগাপুৰতো আদালতত ভিন্নজনে আইনী অনুসন্ধানৰ বাবে আবেদন জনাইছিল । চিংগাপুৰ চৰকাৰেও জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিলে সেই দেশৰ ক’ৰ’ণাৰ আদালতত। চিংগাপুচিংগাপুৰৰ আইন মন্ত্ৰালয়ৰ কৰ'ণা বিচাৰালয়( Coroner's Court) এক বিশেষ সাংবিধানিক প্ৰৱধান।
চিংগাপুৰ চৰকাৰৰ মুখ্য ন্যা্য়ালয়ৰ অধিনৰ এইখন দণ্ডাধিশৰ ন্যায়ালয়ে,(Magistrial Court) এনেবোৰ হঠাতে হোৱা মৃত্যুৰ সবিশেষ উলিয়াবলৈ চেষ্টা কৰে যিবোৰ মৃত্যু ৰহস্যঘন পৰিস্থিতিৰ মাজত হয়,বা যি মৃত্যৰ কাৰণবোৰ অস্পষ্ট হৈ থাকে বুলি পুলিচ বিভাগে ঘোষণা কৰে, কিন্তু মৃত্যুৰ কাৰণ উদ্ঘাটন কৰাটো আইনৰ দৃষ্টিত জৰুৰী বুলি বিবেচিত হয়। এই ক্ষেত্ৰত মেজিষ্ট্ৰেটক আৰক্ষী আৰু বিশেষ চিকিৎসা বিভাগৰ( পেথলজিকেল) দলে সহায় কৰে। চিংগাপুৰত বছৰি প্ৰায় ২৫০০০ কেছ এই আদালতলৈ আহে তাৰে ৭৪% কেছ পষ্ট মৰ্তেমৰ ৰিপোৰ্ট ৰ ভিত্তিত কৰা হয় ।
বন্ধুবৰ্গৰ জনাওঁ যে এই কৰ'ণাৰছ কৌৰ্টেই সাগৰীয় পুলিচ বিভাগৰ সহায়ত জুবিনৰ মৃত্যুৰ ঘটনা টোৰ অনুসন্ধান কৰি আছে। গৰীমাৰ স্বাস্হ্যজনীত কাৰণত ইয়াত উপস্হিত হ’ব নোৱাৰাত পৰিয়ালৰ ফালৰ পৰা মই উপস্হিত হৈছিলো কালি ১৪ জানুৱাৰীত। ।
মোৰ লগত চিংগাপুৰ ৰ আদালতত উপস্হিত আছিল ৰাহুল গৌতম শৰ্মা । গুৱাহাটী-কলিকতা_ভুৱনেশ্বৰ হৈ আহোঁতে ১৪ তাৰিখে পুৱা ৪ বজাত চিংগাপুৰৰ উচ্চ আদালতৰ সমিপৰ হেভলক মাৰ্গত থকা ফুৰাণা হোটেলত ৰুম লৈ ,অলপ জিৰণি লৈ ঠিক ৮-৩০ বজাত বিশাল আধুনিক কৰণাৰ আদালত কক্ষত উপস্থিত হৈছিলো। চিংগাপুৰত অনুভৱ কৰিলো সকলো সঠিক সময়ত সঠিক নিয়মত চলাচল কৰে।
ইয়ালৈ আহি আদালত খনৰ আইনী ব্যৱস্হাৰ লগত প্ৰথম পৰিচয় হলো,যদিও ইয়াৰ সবিশেষ একেদিনাই বুজিব পৰা নহয়। বিশেষ মন কৰিব লগীয়া যে এই সৰু দ্বীপ ৰাষ্ট্ৰখনৰ আইনৰ বা জনসাধাৰণৰ বাবে ন্যায় বিচাৰৰ এক সূকীয়া দায়িত্বপুৰ্ণ ব্যৱস্হা আছে, যিটো অন্য বহু ৰাষ্ট্ৰত বোধহয় নাই। অৱশ্যে চিংগাপুৰ ন্যায় ব্যৱস্থা বৃটিছ আৰু ভাৰতীয় ব্যৱস্হাৰ ভিত্তিতে গঢ় লোৱা।
এই কৰণাৰজ কৌৰ্টখনৰ প্ৰথম ন্যায়াধীশ আছিল এন্ড্ৰু ফাৰ্কোহাৰ ১৮২৭ চনত।
এইখন আদালতে কোন দোষী, কোন নিৰ্দোষী,বা কি শাস্তি পাব দোষীয়ে সেইবোৰ বিষয়ত একো বিধান নিদিয়ে মাত্ৰ মৃত্যু টো স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে পুংখানুপুংখ তদন্ত কৰি। আৰু সকলো পক্ষৰ উপষ্ঠিতিত তদন্ত বা গোচৰটো সমাপ্ত কৰিবলৈ চেষ্টা কৰে। সেই বোৰ বিষয় চিভিল বা ক্ৰিমিনেল গেচৰৰ বিচাৰ অৱশ্যে বেলেগে চলি থাকিব পাৰে য’ত সেই মৃত্যুৰ বাবে দায়ী বা দোষী পক্ষক সাংবিধানিক শাস্তি প্ৰদানৰ ব্যৱস্হা থাকে।যেনেকে অসমৰ দুলু আহমেদ ডাঙৰীয়াই তৰা কেছটোও সুকীয়াকে চলি আছে আৰু থাকিব।
আদালতত আমি উপষ্ঠিত হোৱাত ন্যায়াধীশ গৰাকীয়ে ধন্যবাদ প্ৰকাশ কৰিলে আৰু আমাৰ কিবা ক’ব লগীয়া আছেনিকি আগতীয়াকে জানিব বিছৰাত আমি লিখিতভাবে জনালোঁ যে আমি ঘটনাটোৰ প্ৰথম দিনৰ পৰা তৃতীয় দিনলৈকে এটা ক্ৰমানুক্ৰমিক বিবৰণ বিচাৰোঁ। আৰু চিংগাপুৰ চৰকাৰে তদন্তৰ বাবে সংগ্ৰহ কৰা তথ্যাদি আমালে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাওঁ যাতে পৰিয়ালবৰ্গৰ লগতে অসমৰ মানুহখিনিয়ে কিনো হৈছিল ঘটনাটোত তাৰ এটা সম্যক ধাৰণা লাভ কৰক।
আদালতৰ মহামান্য ন্যায়াধীশ গৰাকীয়ে জনায় যে তেনে ধৰণৰ তথ্যৰ আদান প্ৰদান গোচৰটো চলি থকাৰ সময়ত সম্ভৱ নহ’লেও পৰৱৰ্তী কালত সেইবোৰ বিষয় আলোচনা হ’ব। ন্যায়াধিশ গৰাকীয়ে বাৰে বাৰে জুবিনৰ মৃত্যুত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সহানুভুতি প্ৰকাশ কৰে।
কালি এই কৰনাৰ আদালতত কেছটোৰ লগত প্ৰত্যক্ষ ভাবে জড়িত প্ৰধান তদন্তকাৰী বিষয়া লীম ইয়ং জিয়াং আগষ্ট, চিংগাপুৰ নিবাসী প্ৰবাসী অসমীয়া ৰূপকমল কলিতা, য়টখনৰ মূল পৰিচালক চু কং কিয়ং, পষ্ট মৰ্টৈম ৰিপোৰ্ট দিয়া পেথলজিষ্ট ডাঃ চু চিজং, য়ট খনৰ চালককে ধৰি পাঁচজন সাক্ষীৰ শুনানি লোৱা হয়।তাৰে দুজনে নিজৰ দোভাষী অধিবক্তাৰ সহায়ত আৰু তিনিজনে ইংৰাজী ত নিজৰ বক্তব্য ৰাখে আৰু চৰকাৰী অধিবক্তা ৰ প্ৰশ্নৰ উত্তৰ দিয়ে।
দিনটোৰ পুৱা ৮-৩০ বজাৰ পৰা বিয়লি ৫ বজাত পৰ্যন্ত ধাৰাবাহিক ভাবে চলা এই বিচাৰ প্ৰক্ৰিয়া অতি ফটফটীয়া,নিৰপেক্ষ যেন অনুভৱ হয়। অহা ,২ আৰু ৩ ফেব্ৰুৱাৰীত বাকী সকলৰ সাক্ষী প্ৰদানৰ পিছতে বোধহয় ন্যায়াধীশ গৰাকীয়ে তেখেতৰ আদেশ ঘোষনা কৰিব। সাক্ষী প্ৰদান কৰিবলৈ এটিয়াও বাকী আছে অভিমন্যু তালুকদাৰ, প্ৰীতম শৰ্মা, তন্ময় ফুকন, ৱাছিল আলম আহমেদ, ভাস্কযৰজ্যোতি দাস, জিয়লান্সাৎ নাৰ্জাৰী,আৰু বহু কেইজন। সেয়ে সদ্যহতে এই বিচাৰ সম্পৰ্কে আগতীয়াকৈ মন্তৱ্য কৰাটো নিশ্চয় উচিৎ নহ’ব ।
লগতে গৰীমাৰ লগতে আমি পৰিয়ালটোৱে, আৰু শতসহস্ৰ জুবিন অনুৰাগীয়ে অসম চৰকাৰকো বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিবলৈ পুণৰ অনুৰোধ জনাইছোঁ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us