জানো আহক! কেনেকৈ গ্ৰাহকে লাভ কৰিব ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ...

এই অভিলাষী আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭৫ হাজাৰ কোটি টকাৰো অধিক বাজেট আবণ্টন দিছে। চৰকাৰৰ লক্ষ্য অনুসাৰে ২০২৬-২৭ বৰ্ষৰ ভিতৰত দেশৰ এক কোটি ঘৰলৈ সৌৰশক্তিৰ যোগান নিশ্চিত কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-31 at 11.33.33 AM

ডিজিটেল ডেস্কঃ বিদ্যুতৰ বাঢ়ি অহা মাছুলক লৈ চিন্তিত সাধাৰণ জনতাৰ বাবে এক সুখবৰ। মাত্ৰ এটা সৰু পদক্ষেপে আপোনাৰ বিদ্যুতৰ বিল শূণ্য কৰিব পাৰে। ২০২৬ বৰ্ষৰ লক্ষ্য স্থিৰ কৰি কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে এক গুৰুত্বপূৰ্ণ আৰু জনমুখী পদক্ষেপ।

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ‘প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ: মুফট বিজলী যোজনা’ৰ জৰিয়তে সমগ্ৰ দেশৰ প্ৰতিজন লোকৰ ঘৰত সৌৰশক্তিৰ সৈতে সংযোগ কৰাৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিৰ অধীনত ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰি গৃহস্থই নিজাববীয়াকৈ বিদ্যুৎ উৎপাদন কৰিব পাৰিব।

এই অভিলাষী আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭৫ হাজাৰ কোটি টকাৰো অধিক বাজেট আবণ্টন দিছে। চৰকাৰৰ লক্ষ্য অনুসাৰে ২০২৬-২৭ বৰ্ষৰ ভিতৰত দেশৰ এক কোটি ঘৰলৈ সৌৰশক্তিৰ যোগান নিশ্চিত কৰা হ’ব।

উল্লেখযোগ্য যে, এই আঁচনি অনুসৰি, যদি কোনো পৰিয়ালে উপযুক্ত ক্ষমতাৰ সৌৰ ব্যৱস্থা স্থাপন কৰে, তেন্তে প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও ব্যৱহাৰৰ পিছত অতিৰিক্ত উৎপাদিত বিদ্যুৎ গ্ৰীডলৈ প্ৰেৰণ কৰিব পাৰি, যাৰ ফলত গ্ৰাহকে অতিৰিক্ত আৰ্থিক সুবিধাও লাভ কৰিব।

এই পদক্ষেপে কেৱল বিদ্যুতৰ বিল হ্ৰাস কৰাই নহয়, ভৱিষ্যতে সম্ভাৱ্য বিদ্যুৎ মাছুল বৃদ্ধিৰ পৰাও সাধাৰণ লোকক সকাহ দিব বুলি আশা কৰা হৈছে। বিশেষকৈ মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে এই আঁচনি এক আশাৰ পোহৰ হিচাপে দেখা দিছে।

বিদ্যুৎ বিভাগ বিনামূলীয়া বিদ্যুৎ যোগান বিদ্যুৎ বিল বিদ্যুৎ মাচুল