ভাৰতত কেনেকৈ বন্ধ বাৰ হৈছিল দেওবাৰ ?

শ্ৰমিক সংগঠনৰ নেতা লোখাণ্ডে কৈছিল- "সপ্তাহৰ ৬টা দিন আমি কঠোৰ পৰিশ্ৰম কৰিম। কিন্তু এটা দিন আমাকো লাগিব নিজৰ বাবে। যিটো দিনত আমি দেশ, সমাজ তথা পৰিয়ালক সেৱা কৰিব পাৰিম।"

author-image
Asomiya Pratidin
New Update
সাক্ষী এই আলোকচিত্ৰ

সাক্ষী এই আলোকচিত্ৰ

ডিজিটেল ডেস্কঃ আজিৰ পৰা ২১০ বছৰ আগৰ কথা। তেতিয়া ভাৰতত চলি আছিল ইংৰাজ শাসন। বৃটিছ শাসক সকলে এক বিশেষ সিদ্ধান্ত লৈছিল, সেই বছৰৰ ১০ জুনত। এই সিদ্ধান্ত লবৰ বাবে বৃটিছ চৰকাৰক আহ্বান জনাইছিল বিভিন্ন কামত নিয়োজিত শ্ৰমিক শ্ৰেণীয়ে। কল-কাৰখানাত কৰ্মৰত শ্ৰমিকৰ বাবে সপ্তাহৰ সাতোটা দিনেই আছিল কৰ্মদিন। 

Advertisment

পৃথক নিয়ম আছিল বৃটিছ বিষয়া আৰু কৰ্মচাৰীৰ বাবে। দেওবাৰৰ দিনা তেওঁলোক গৈছিল গীৰ্জাঘৰলৈ। ফেক্টৰিৰ কৰ্মচাৰী সকলৰ দাবী আছিল সপ্তাহত এটা দিন তেওঁলোককো বন্ধ লাগে। ৭ বছৰ ধৰি চলিছিল ইয়াৰ বাবে আন্দোলন। নাৰায়ন মেঘাজী লোখাণ্ডে আছিল এই শ্ৰমিক সকলৰ নেতা। আলোচনাত বহিছিল বৃটিছ চৰকাৰৰ প্ৰতিনিধিৰ সৈতে। 

তাৰপূৰ্বে বৃটিছ চৰকাৰে ১৮৪৪ চনত এক নিৰ্দেশ জাৰি কৰিছিল। এই নিৰ্দেশত কোৱা হৈছিল, দেওবাৰ বন্ধবাৰ হব কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে। শ্ৰমিক সংগঠনৰ নেতা লোখাণ্ডে কৈছিল- "সপ্তাহৰ ৬টা দিন আমি কঠোৰ পৰিশ্ৰম কৰিম। কিন্তু এটা দিন আমাকো লাগিব নিজৰ বাবে। যিটো দিনত আমি দেশ, সমাজ তথা পৰিয়ালক সেৱা কৰিব পাৰিম।" তাৰপাছতে সেই দাবীৰ আধাৰতে শ্ৰমিক নেতা আৰু বৃটিছ বিষয়া সকলৰ মাজত অনুষ্ঠিত বৈঠকত মানি লোৱা হৈছিল দেওবাৰ হ'ব সাপ্তাহিক ছুটি বাৰ। 

এনেকৈয়ে দেওবাৰ হৈ পৰিছিল ভাৰতৰ কৰ্ম সংস্কৃতিৰ বন্ধ বাৰ। সেই ইতিহাসৰ সাক্ষী হৈ পৰিছিল দুয়োপক্ষৰ আলোচনাত বহা এখন আলোকচিত্ৰ। বৃটিছ চৰকাৰে অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিত জাননী জাৰি কৰা নাছিল। কিন্তু এনেকৈয়ে বন্ধ বাৰ হিচাপে দেওবাৰে স্বীকৃতি লাভ কৰিছিল। অফিচ-কাছাৰী সকলো এতিয়া বন্ধ থাকে দেওবাৰে। এয়াই ভাৰতত দেওবাৰৰ অতীত!

দেওবাৰ ইংৰাজ