Advertisment

যোগ্যজনক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান মোডীৰ...

পূৰ্বৰ কংগ্ৰেছ শাসনৰ অধীনত বঁটা বিজয়ীসকলৰ অধিকাংশই আছিল বিভিন্ন ক্ষেত্ৰৰ লোক যিসকলে প্ৰায়ে কংগ্ৰেছৰ জয় গান গোৱাত ইচ্ছুক আছিল। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোডীৰ শাসনকালত নিৰৱ নায়ক সকলক পদ্ম বঁটা প্ৰদান কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
ে্মে্ে্ে্

ডিজিটেল ডেস্কঃ  উত্তৰ-পূবৰ ১২ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে। এই ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত নাগালেণ্ডৰ নোক্লক জিলাৰ ৩০ বছৰৰো অধিক অভিজ্ঞতা থকা ফলমূল খেতিয়ক ৫৮ বছৰীয়া এল হেংথিং বিশেষভাৱে উল্লেখযোগ্য।

Advertisment

হেংথিঙে কেৱল নিজৰ অঞ্চলত অপৰম্পৰাগত ফল-মূলৰ গছ-গছনিৰে পৰিচয় কৰাই দিয়াই নহয়, নাগালেণ্ডৰ ৪০খন গাঁৱৰ ২০০ৰো অধিক কৃষকক খেতি বিষয়ক জ্ঞান প্ৰদান কৰি আহিছে। মোডী চৰকাৰৰ দিনত দিনে নিশাই কষ্ট কৰা, বৃহত্তৰ সমাজখনক গভীৰভাৱে প্ৰভাৱিত কৰা, তথাপিও কেতিয়াও নিজৰ প্ৰাপ্য নোপোৱা কিন্তু নিৰৱে কাম কৰি যোৱা ব্যক্তিসকলক উদযাপনৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে পদ্ম বঁটা।

উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বৰ কংগ্ৰেছ শাসনৰ অধীনত বঁটা বিজয়ীসকলৰ অধিকাংশই আছিল বিভিন্ন ক্ষেত্ৰৰ লোক যিসকলে প্ৰায়ে কংগ্ৰেছৰ জয় গান গোৱাত ইচ্ছুক আছিল। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোডীৰ শাসনকালত নিৰৱ নায়ক সকলক পদ্ম বঁটা প্ৰদান কৰা হৈছে।

মোডীৰ শাসনকালত প্ৰতিভাসম্পন্ন, মেধাবী, কঠোৰ পৰিশ্ৰমী,অধ্যৱসায়,সমাজকৰ্মী, অনন্য দক্ষতা আৰু সাধাৰণ পুৰুষ-মহিলাক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ'ল। কেৱল সুপৰিচিত চেলিব্ৰিটিক নহয়।

 এই ১৩৯ গৰাকীৰ ভিতৰত ১১৩ গৰাকী পদ্মশ্ৰী বঁটা, ১৯ গৰাকী পদ্মভূষণ বঁটা, আৰু ৭ গৰাকী পদ্ম বিভূষণ বিভূষণ বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে, এই স্বীকৃতিয়ে প্ৰতিগৰাকী বঁটা প্ৰাপকক তেওঁলোকৰ উন্নত ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব।

পদ্ম বঁটা