ঘৰত ৰাখিব পাৰি কিমান নগদ ধন ?

ভাৰতত নগদ ধন ঘৰত ৰখাটো অবৈধ নহয়। কিন্তু যদি ইয়াৰ পৰিমাণ বৃহৎ হয়, তেন্তে তাৰ হিচাপ দিয়াটো অতি জৰুৰী। সঠিক নথি-পত্ৰ আৰু আয়ৰ স্বচ্ছতা নাথাকিলে আপুনি ভৰিব লাগিব কৰ আৰু জৰিমনা।

author-image
Asomiya Pratidin
New Update
dsdsdsds

ডিজিটেল ডেস্কঃ ভাৰতত নগদ ধন ঘৰত ৰখাটো অবৈধ নহয়। কিন্তু যদি ইয়াৰ পৰিমাণ বৃহৎ হয়, তেন্তে তাৰ হিচাপ দিয়াটো অতি জৰুৰী। সঠিক নথি-পত্ৰ আৰু আয়ৰ স্বচ্ছতা নাথাকিলে আপুনি ভৰিব লাগিব কৰ আৰু জৰিমনা।

আয়কৰ বিভাগে নগদ ধন ঘৰত ৰখাৰ কোনো নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰা নাই। অৰ্থাৎ ইচ্ছা কৰিলে নগদ লাখ কোটি টকা নিজৰ লগত ৰাখিব পাৰিব। কিন্তু ইয়াত এটা চৰ্ত অতি গুৰুত্বপূৰ্ণ, আপুনি প্ৰমাণ কৰিব লাগিব যে এই ধন আইনী উৎসৰ পৰা আহিছে। এই ধনৰাশি দৰমহা, ব্যৱসায়, সম্পত্তি বিক্ৰী বা বেংকৰ পৰা উলিওৱা ধনৰ পৰা হ’ব পাৰে। ইয়াৰ প্ৰমাণ হিচাপে আপোনাৰ হাতত থাকিব লাগিব- বেংক ষ্টেটমেণ্ট, আইটিআৰ, দৰমহাৰ স্লিপ বা লেনদেনৰ ৰচিদ।

আনহাতে, আয়কৰ আইনৰ ৬৮ৰ পৰা ৬৯বি ধাৰা অনুসৰি যদি আপুনি কোনো ধৰণৰ ধনৰ উৎস ক’ব নোৱাৰে তেন্তে ইয়াক অঘোষিত আয় বুলি গণ্য কৰা হয়। এনে ক্ষেত্ৰত কেৱল কৰ দিবলগীয়া হোৱাই নহয়, আপোনাৰ বিৰুদ্ধে ৭৮% পৰ্যন্ত জৰিমনাও আৰোপ কৰিব পাৰিব।

একেদৰে যদি আয়কৰ বিভাগে আপোনাৰ ঘৰত বৃহৎ পৰিমাণৰ নগদ ধন বিচাৰি পায় আৰু আপুনি তাৰ প্ৰমাণ দিব নোৱাৰে নাইবা নগদ ধন আপোনাৰ আইটিআৰ বা একাউণ্ট বুকত লিপিবদ্ধ কৰা ধনৰ সৈতে মিল নাথাকে, যদি আপুনি ২ লাখতকৈ অধিক নগদ উপহাৰ লাভ কৰে বা এইখিনি নগদ ধন সম্পত্তি ক্ৰয় বা বিক্ৰীত ব্যৱহাৰ কৰে, তেন্তে ইয়াক নিয়ম উলংঘা বুলি গণ্য কৰা হ’ব।

আয়কৰ বিভাগ