/asomiyapratidin/media/media_files/2026/03/02/whatsapp-image-2026-2026-03-02-08-51-21.jpeg)
ডিজিটেল ডেস্কঃ আন এক ৰক্তক্ষয়ী যুদ্ধৰ দামামা। সমগ্ৰ বিশ্ববাসীৰ নখ দৰ্পনত ইৰান-ইজৰাইলৰ যুদ্ধ।ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে ডুবাই, আবুধাবি, বাহৰেইন আদিত কৰা আক্ৰমণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ সামৰিক অভিযান তীব্ৰতৰ হৈ পৰিছে। এই যুদ্ধ কিমান দিনলৈ চলিব পাৰে, সেই সন্দৰ্ভত ড'নাল্ড ট্ৰাম্পে এক ইংগিত প্ৰদান কৰিছে। শেহতীয়াকৈ ট্ৰাম্পে উল্লেখ কৰিছে যে -এই সামৰিক অভিযান কমদিনীয়া আক্ৰমণ নহয়, বৰঞ্চ এক সুপৰিকল্পিত অভিযান। ইৰাণৰ দৰে এখন ডাঙৰ দেশত লক্ষ্যত উপনীত হ'বলৈ কমেও "চাৰি সপ্তাহ" বা এমাহৰ প্ৰয়োজন হ'ব। এতিয়া আমেৰিকাৰ মূল লক্ষ্য হৈছে ইৰাণৰ পাৰমাণৱিক ক্ষমতা সম্পূৰ্ণৰূপে ধ্বংস কৰা। এই যুদ্ধত ইতিমধ্যে তিনিগৰাকী আমেৰিকান সৈন্যৰ মৃত্যু হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us