/asomiyapratidin/media/media_files/2026/02/03/1-2026-02-03-21-28-29.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ডকমকাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান থংনকবে মহাবিদ্যালয়ৰ ৪২ সংখ্যক মহাবিদ্যালয় সপ্তাহ সোমবাৰৰ পৰা আৰম্ভ হৈছে। এই মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচীত এক ব্যতিক্ৰমী সাংস্কৃতিক শোভাযাত্ৰাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/whatsapp-image-2-2026-02-03-21-29-22.jpeg)
উল্লেখ্য যে, মহাবিদ্যালয়খনৰ ১৫টা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে অতি আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা পৰিলক্ষিত হয় এই কাৰ্যসূচী। মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে, সংস্কাৰ, কু - সংস্কাৰৰ পৰা সামাজিক দায়বদ্ধতালৈকে, সাংস্কৃতিক ৰূপৰেখাৰ পৰা ৰবটলৈকে ইয়াত আছে। কাৰ্বি বীৰ-বীৰাংগনাৰ পৰা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈকে সকলো দৃশ্য এই শোভাযাত্ৰাত তুলি ধৰাৰ প্ৰয়াস কৰিছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/whatsapp-image-2026-2026-02-03-21-28-43.jpeg)
শোভাযাত্ৰাৰ অন্তত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।এই প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা ৰাজীৱ ক্ৰ', কাৰ্বি কথাছবি নিৰ্মাতা ধনীৰাম তিছু আৰু সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ প্ৰেমানন্দ মোছাহাৰী। অহা সাত ফেব্ৰুৱাৰীলৈকে অব্যাহত থাকিব ৪২ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচী। ডকমকাস্থিত থংনকবে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ধঞ্জয় নাৰ্জাৰীৰ বিশেষ তংপৰতাত সপ্তাহজোৰা সমগ্ৰ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us