/asomiyapratidin/media/media_files/2026/02/01/1-2026-02-01-23-00-42.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাটঃ হাওৰাঘাটত ৭৯ সংখ্যক মাঘী পূৰ্ণিমা পাৰ্বণ উদযাপন কৰা হয়। কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ উদ্যোগত ৰংকুট গণেশপুৰৰ ব্ৰহ্ম যজ্ঞ মন্দিৰ প্ৰাংগণত ৩১ জানুৱাৰীৰ পৰা ১,২ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিতহোৱা কাৰ্যসূচীৰ আজি দ্বিতীয় দিন। পুৱতি নিশা আমনি গাঁৱৰ কীৰ্তন দলৰ সদস্যই উষা কীৰ্তনৰ আয়োজন কৰা হয় । ইয়াৰ পাছতে উদয়াস্ত অখণ্ড যজ্ঞ প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে আচাৰ্য লক্ষীন্দ্ৰ গয়াৰীয়ে। গীতা পাঠ কৰে আচাৰ্য লক্ষীন্দ্ৰ গয়াৰীয়ে আৰু শাস্ত্ৰ পাঠ কৰে ক্ৰমে পুৰোহিত পবিত্ৰ খাখলাৰী, আচাৰ্য উপাস্য ব্ৰহ্ম আৰু পুৰোহিত ৰায় প্ৰসাদ খাখলাৰীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/whatsapp-image-2026-02-01-23-01-09.jpeg)
অঞ্চলটোৰ গৰখীয়া পুখুৰী, পদুম পুখুৰী, আমনি, মাজগাওঁ, কাউৰী পথাৰ আদি বিভিন্ন গাঁৱৰ আই সকলৰ দ্বাৰা ভাগৱত পাঠ কৰা হয় । বিয়লি অনুষ্ঠিত কৰা হয় ধৰ্মীয় মুকলি সভা । সভাত সভাপতিত্ব কৰে দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ ব্ৰহ্মই। সভাত চিনাকি পৰ্বৰ আঁত ধৰে সম্পাদক দশৰথ ব্ৰহ্মই। সভা উদ্বোধন কৰে প্ৰাক্তন সভাপতি চন্দ্ৰ কান্ত খাখলাৰীয়ে।
উল্লেখ্য যে, সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ব্ৰহ্ম তত্বৰ বিষয়ে সাৰগৰ্ভ ভাষণ প্ৰদান কৰে মৰিগাঁও জিলাৰ আচাৰ্য বদন কোঁৱৰে। সভাত যজ্ঞ আহুতিৰ বিষয়ে বাখ্যা আগবঢ়ায় পুৰোহিত হৰিদাস বসুমতাৰীয়। মৰিগাঁও জিলাৰ আচাৰ্য বদন কোঁৱৰ, মৰিগাঁও জিলাৰ ব্ৰহ্ম ধৰ্ম সমিতিৰ উপ সভাপতি গণেশ কোঁৱৰ, কুশল কোঁৱৰ, অধিষ্ঠাতা কালিকান্ত ৰাভা, পুৰোহিত নীলিমা ব্ৰহ্ম, আচাৰ্য লক্ষীন্দ্ৰ গয়াৰী, উপাস্য ব্ৰহ্ম, পুৰোহিত সন্মিলনৰ সম্পাদক ডিম্বেশ্বৰ দৈমাৰী, তোলন বাগলাৰী, সমাজকৰ্মী জামিন বসুমতাৰী, সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী, ৰত্ন কান্ত পাঠক আদি উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/whatsapp-imag-2026-02-01-23-01-50.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us