/asomiyapratidin/media/media_files/2025/08/21/138-2025-08-21-13-03-56.jpg)
ডিজিটেল সংবাদ, ক্ষেত্ৰী : ক্ষেত্ৰীৰ ধোপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুজন লোক।
জানিব পৰা মতে গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী AS01 EZ 7723 নম্বৰৰ তীব্ৰ বেগী চুইফ্ট ডিজায়াৰ বাহনখনে এজন ফেৰীৱালা চাইকেল আৰোহীক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই অন্য এগৰাকী স্থানীয় পথচাৰীক খুন্দিয়াই খাৱৈত বাগৰি পৰে। ফলত গুৰুতৰভাৱে আহত হয় স্থানীয় অৰবিন্দ ডেকাসহ ফেৰীৱালাজন।
ফলত চুইফ্ট বাহনখনৰ সন্মুখভাগ চুচূৰ্মৈ হৈ পৰে। উল্লেখ্য বাহনখন চলাই আহিছিল এগৰাকী মহিলাই। পৰৱৰ্তী পৰ্যায়ত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।