/asomiyapratidin/media/media_files/2025/11/04/131-2025-11-04-13-11-20.jpg)
ডিজিটেল সংবাদ, লামডিং : লামডিঙত সংঘটিত হৈছে এক জঘন্য ঘটনা। সোমবাৰে নিশা লামডিঙ বিৰিক ফিল্ড কলনিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক অপকৰ্ম কৰি ৰাইজৰ ৰোষত এজন বিবাহিত পুৰুষ। বিবাহিত পুৰুষজনৰ নাম জিত বাহাদুৰ লামা, তেওঁৰ ঘৰ বিৰিক ফিল্ড কলনিত।
মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীক ভয় ভাবুকি দেখুৱাই বহুদিন ধৰি শাৰীৰিক অপকৰ্ম কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে জিত বাহাদুৰ লামা নামৰ বিবাহিত পুৰুষজনৰ বিৰুদ্ধে। প্ৰায় তিনি মাহ ধৰি মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীক অপকৰ্ম কৰি অহাৰ ফলত যুৱতীগৰাকী গৰ্ভৱতী হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীৰ পৰিয়ালৰ লোকে।
ইফালে নিজৰ অপকৰ্মৰ কথা নিজ মুখেৰেই স্বীকাৰোক্তি দিছে অভিযুক্ত জিত বাহাদুৰ লামাই। অপকৰ্ম কৰা জিত বাহাদুৰ লামা নামৰ ব্যক্তিগৰাকীক উচিত শাস্তিৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে। ইফালে লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অভিযুক্ত জিত বাহাদুৰ লামা নামৰ ব্যক্তিগৰাকীক আটক কৰি থানালৈ নিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us