/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-13-27-05.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটীৰ তথ্য আৰু জনসংযোগ সঞ্চালয়কালয়, অসমৰ দিশপুৰৰ কাৰ্যালয়ত থকা কনফাৰেঞ্চ হলত আজি ২০২১-২০২২ বৰ্ষৰ মেডিয়া ফেল'শ্বিপ প্ৰাপক সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। ২০২১-২০২২ বৰ্ষৰ মুঠ ২০ জন সাংবাদিকক তেওঁলোকৰ উৎকৃষ্ট গৱেষণা পত্ৰৰ বাবে বিভাগৰ দ্বাৰা নিৰ্বাচন কৰা হৈছিল।
বুধবাৰে সেই ২০ জন সাংবাদিক, সংবাদ কৰ্মীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই মানপত্ৰ সমূহ। অনুষ্ঠানত উপস্থিত থকা 'সংস্কৃতিৰ দাপোণ'ৰ সম্পাদক মনোৰঞ্জন কলিতা, প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ্যোতি শৰ্মা, দৈনিক জনমভূমিৰ জ্যেষ্ঠ উপ- সম্পাদক কিশোৰ গোস্বামী,সাংবাদিক পল্লৱী বৰা, অপূ ভৰদ্বাজ, নুপূৰ বৰুৱা, মানসী দত্ত, অনুভৱ পৰাশৰ, ভাৰ্গৱ হাজৰিকা, মুকুন্দ মাধৱ নেওগক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰদান কৰা হয় একোখনিকৈ মানপত্ৰ।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালকদ্বয় দীপক বসুমতাৰী আৰু এমিলি বৰুৱা, যুটিয়া সঞ্চালক ৰাজীৱ শইকীয়া, উপ-সঞ্চালক ৰতন সাউদ, জন সম্পৰ্কৰক্ষী বিষয়া মঞ্জুৰাণী ডেকা আৰু ডিআই পি আৰৰ ভালেমান কৰ্মচাৰী আৰু সাংবাদিক ।
উল্লেখ্য যে, তথ্য আৰু জনযংযোগ সঞ্চালকালয়ৰ দ্বাৰা নিৰ্বাচিত মিডিয়া ফেল'শ্বিপ প্ৰাপক এই ২০ জন সাংবাদিকক ইতিপূৰ্বে প্ৰদান কৰা হৈছিল ৫০,০০০ কৈ টকা। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ভাষন প্ৰদান কৰি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক দীপক বসুমতাৰীয়ে সাংবাদিক সকলে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ অন্তত প্ৰস্তত কৰা এই অধ্যয়ন পত্ৰ সমূহ অনাগত সময়ৰ এক আপুৰুগীয়া সম্পদৰ লগতে গৱেষণাৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এই অধ্যয়ন পত্ৰ সমূহ অন্যতম সমল বুলি মন্তব্য কৰে। অনুষ্ঠানত যুটীয়া সঞ্চালক ৰাজীৱ শইকীয়া,উপ-সঞ্চালক ৰতন সাউদ, জন সম্পৰ্কৰক্ষী বিষয়া মঞ্জুৰাণী ডেকা, সাংবাদিক মনোৰঞ্জন কলিত আৰু পল্লৱী বৰা আদিয়েও ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us